ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পানীখাইতিত এটা নৰ কংকাল উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে। আজি পানীখাইতিৰ আমচাং অভয়াৰণ্যৰ ভিতৰত উদ্ধাৰ হয় এটা নৰ কংকাল।
তাৰ পাছতে আৰক্ষী প্ৰশাসনৰ লোকে গৈ এই কংকাল উদ্ধাৰ কৰে। কিন্তু এই পৰ্যন্ত এই নৰ কংকালৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
কেনেকৈ এই অভয়াৰণ্যত নৰ কংকাল ওলাল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে। সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তৰ হাতত হত্যাৰ বলি হোৱা ব্যক্তিৰে নৰ কংকাল হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে।
আন একাংশ লোকে আকৌ খৰি কাটিবলৈ গৈ বন্য জন্তুৰ আক্ৰমণৰ বলি হোৱা কোনো ব্যক্তিৰ নৰ কংকাল বুলিও সন্দেহ কৰিছে। কিন্তু যোৱা সময়ছোৱাত তেনেকৈ নিৰুদ্দেশ হোৱাৰ ঘটনা ঘটাৰ কোনো উদাহৰণ নাই স্থানীয় ৰাইজৰ হাতত।
সেয়ে এই কংকাল দুৰ্বৃত্তৰ হত্যাৰ বলি হোৱা কোনো ব্যক্তিৰে বুলি পতিয়ন গৈছে একাংশ। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে এই নৰ কংকাল কাৰ সেয়া স্পষ্ট হ’ব। ইতিমধ্যে আক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।