বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ আয়োজন

৮০ খন পতাকা উত্তোলনৰ জৰিয়তে সিদিনা পুৱা ৯ বজাত বৰ্ষজোৰা কাৰ্যসূচীৰ পাতনি মেলা হ'ব
বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ আয়োজন

ডিজিটেল ডেস্কঃ অসমৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজে আহি আহি চলিত বৰ্ষত ভৰি দিলেহি ৮০বছৰত। সেয়েহে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত অহা ২ এপ্ৰিলত মহাবিদ্যালয়খনৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উক্ত দিনটোত মহাবিদ্যালয় সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা মহাবিদ্যালয়খনৰ ৮০ খন পতাকা উত্তোলনৰ জৰিয়তে সিদিনা পুৱা ৯ বজাত বৰ্ষজোৰা কাৰ্যসূচীৰ পাতনি মেলা হ'ব। ইয়াৰ পাছত ছহিদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হ'বলগা ৮০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। "উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ গুণগত মান বৃদ্ধিত প্ৰাক্তন বিদ্যাৰ্থীসকলৰ ভূমিকা" শীৰ্ষক এই বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্ট্ৰুমেন্টেচন আৰু ইউছিক বিভাগৰ মুৰব্বী অধ্যাপক উৎপল শৰ্মাই।

ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ মাজত এক প্ৰীতি মেলৰ আয়োজন কৰা হৈছে। শেষত প্ৰীতি ভোজ মেলেৰে ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হ'ব।

ইয়াৰোপৰি উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুষ্ঠান সফল কৰি তুলিবলৈ মহাবিদ্যালয় সম্প্ৰদায়ৰ সকলোলৈকে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি অধ্যাপক জগদীশ গোস্বামী আৰু সম্পাদক অধ্যাপক ড০ বিজয় গোস্বামীয়ে আন্তৰিকতাৰে কামনা কৰিছে।

বি বৰুৱা মহাবিদ্যালয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনৰ আয়োজন
ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ লাইফ লাইন ৰিহাব চেণ্টাৰত নিচামুক্তি অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in