/asomiyapratidin/media/media_files/2025/01/28/BdWzF3msy4DeWqwuAya1.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত সাধাৰণ জনতাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক গুৱাহাটীৰ মাজমজিয়াৰ পৰা অপহৰণৰ ব্যৰ্থ প্ৰচেষ্টা চলাই দুৰ্বৃত্তই।
জানিব পৰা মতে পাণবজৰাৰৰ পৰা আজি এটা দুৰ্বৃত্তৰ দলে এখন বিলাসী বাহন লৈ এগৰাকী বয়োজ্যেষ্ঠ লোকক অপহৰণ কৰে। স্ক’ৰপিঅ’ বাহনত অহা দলটোৱে পাণবজাৰৰ পৰা তেওঁক অপহৰণ কৰে যদিও লোকজনে উলুবাৰীত বাহনখনৰ পৰা জপিয়াই দিয়ে। পাছত তেওঁক আৰক্ষীয়ে উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰে। জানিব পৰা মতে এই বয়োজ্যেষ্ঠ লোকজনৰ নাম নৱজ্যোতি ৰাজখোৱা। তেওঁৰ ঘৰ বোকাখাটত।
ইফালে এই সমগ্ৰ ঘটনা চিচি টিভি কেমেৰাত বন্দী হৈছে। চিচি কেমেৰাৰ দৃশ্য অনুসৰি পাণবজাৰৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ পাছতে তেওঁক ৬ জন লোকে তেওঁক জোৰ কৰি ক’লা ৰঙৰ স্ক’ৰপিঅ’ বাহনত উঠাই লৈ যায়।
সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পাণবজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অৱশ্যে তেওঁক কিয় এইদৰে অপহৰণ কৰিবলৈ চেষ্টা কৰিছিল, অপহৰণ কৰিবলৈ চেষ্টা কৰা দুৰ্বৃত্তৰ দলটোত কোন কোন আছিল, তেওঁলোকৰ সবিশেষ জানিব পৰা নাই।
উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো যোৱা ২৬ জানুৱাৰীত গুৱাহাটীত বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হ'ল। এই বিস্ফোৰণ কিহৰ আছিল, ইয়াৰ আঁৰত কি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
সেইদৰে গুৱাহাটীত যোৱা সময়ছোৱাত দিনৰ পোহৰতে ৰাজপথৰ মাজমজিয়াত কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এনে আক্ৰমণত এগৰাকী মহিলায়ে প্ৰাণো হেৰুৱাইছে। তাৰ পাছতো গুৱাহাটী আৰক্ষীয়ে সাধাৰণ জনতাক সুৰক্ষা দিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
বিশেষকৈ আজি দিনৰ পোহৰতে এগৰাকী বয়জ্যেষ্ঠ লোকক জোৰ কৰি এখন বাহনত উঠাই নিবলৈ সক্ষম হোৱা এই ঘটনাই সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে।