/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c96b7ae1-a811-4b69-8df7-b656f1b2aa3c/q3.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ প্ৰকৃতিৰ নান্দনিক অপৰূপ সৌন্দৰ্যত জিলিকিছে জামুগুৰিহাট। জামুগুৰিহাটৰ পশ্চিম অঞ্চলত বিস্তৃত এলেকাজুৰি এখন পথাৰত ফুলি থকা গুলপিয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই মন্ত্ৰমুগ্ধ কৰিছে বাটৰুৱাক।
পথৰ চাৰিওফালে যেনিয়েই চকু যায় তেনিয়েই কেৱল গুলপীয়া আৰু গুলপীয়া।বনৰীয়া ফুলৰ শোভাই মতলীয়া কৰিছে সকলোকে। এই ফুলৰ মাজত একপি ফটো উঠিবলৈ সকলো ঢাপলি মেলিছে জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ বৰাচকুৰ সমীপৰ নিৰ্মিয়মান চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই পথাৰখনলৈ।যেন ছেলফি জ'নত পৰিণত হৈছে জামুগুৰিহাটৰ এই বিশেষ অঞ্চলটো।
Also Read: গহপুৰত দুই দুৰ্ধষ গড় চিকাৰী গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us