
আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ৩ অভিযুক্ত।
দিছপুৰ থানাৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক কেইজনক।
অভিযুক্তক কেইজন হ'ল গৌতম তালুকদাৰ, বিকি থাপা, তপন তালুকদাৰ।
ভাগৱতী উপাধিৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল তিনিওজনে।
৬ ছেপ্তেম্বৰৰ নিশা ৭.৫ বজাত ফোনযোগে ধন বিচৰাৰ অভিযোগ।
অভিযোগ অনুসৰি অ’ডি বাহনৰ মূল্য বিচাৰিছিল তিনিওজনে।
শনিবাৰৰ ভিতৰত ন্যূনতম ৫ লাখ টকা দিবলৈ দাবী কৰিছিল।
উল্লেখ্য অভিযুক্তক গৌতম তালুকদাৰক লগত লৈ সুৰুজ নগৰত আৰক্ষীয়ে চলাইছিল অভিযান।
গৌতম তালুকদাৰৰ ঘৰতো অভিযান চলাই আৰক্ষীয়ে।
গ্রেপ্তাৰৰ পূৰ্বে গৌতম তালুকদাৰে নিজৰ ফোন হাবিলৈ দলিয়াই দিয়ে।
উক্ত ফোনটোৰ পৰাই ধন দাবী কৰি ফোন কৰাৰ তথ্য লাভ আৰক্ষীৰ।