/asomiyapratidin/media/media_files/2025/03/24/9H6CODmAUujBSk6g1Fe1.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ ফে'চবুক গোট 'সুগন্ধি পখিলা'ৰ দ্বিতীয় বাৰ্ষিক সতীৰ্থ সন্মিলনখনি দেওবাৰে চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগ ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটটোৰ প্ৰায় চাৰিশ সদস্যৰ উপস্থিতিত ৰাতিপুৱা পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে 'সুগন্ধি পখিলা'ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰশান্ত শৰ্মাই।
বন্তি প্ৰজ্বলন কৰে উপদেষ্টা শৰ্মিলা ডেকাই। কবি হীৰেন ভট্টাচাৰ্যদেৱৰ প্ৰতিকৃতিত মাল্যৰ্পণ কৰে উপদেষ্টা সুচিত্ৰা ব্ৰহ্মই। অনুষ্ঠানৰ আঁত ধৰে তেজেন হাজৰিকা আৰু কল্পনা শৰ্মাই। উল্লেখযোগ্য যে যশস্বী সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, অভিনেতা-নাট্য পৰিচালক প্ৰাঞ্জল শইকীয়া আৰু বিশিষ্ট অভিনেত্ৰী, প্ৰযোজক পূৰ্ণিমা পাঠক শইকীয়াক এই সন্মিলনত মান-ফলক, সঁফুৰা, ফুলাম জাপি, চেলেং, ফুলাম গামোচা আৰু গোটৰ একোটি সুদৃশ্য স্মাৰকেৰে উমাল সম্বৰ্ধনা জনোৱা হয়।
গোটৰ প্ৰশাসিকা কল্পনা ডি বৰ্মনে নমিতা ভট্টাচাৰ্য্যক, প্ৰতিষ্ঠাপক সম্পাদক নীৰৱ জোনাকে প্ৰাঞ্জল শইকীয়াক সম্বৰ্ধনা জনায়। পূৰ্ণিমা পাঠক শইকীয়াক সম্বৰ্ধনা জনায় প্ৰতিষ্ঠাপক সভাপতি প্ৰশান্ত শৰ্মাই। আনহাতে, গোটৰ উপদেষ্টা তথা গীতিকাৰ- সংগীতজ্ঞ, জ্যেষ্ঠ সাংবাদিক মণি মহন্তকো অনুষ্ঠানত বিশেষ সন্মান প্ৰদান কৰা হয়।
সম্বৰ্ধিত শিল্পী নমিতা ভট্টাচাৰ্য্যই তেওঁৰ কৈশোৰৰ অলেখ স্মৃতি সুঁৱৰি আকৰ্ষণীয় বক্তব্য আগবঢ়োৱাৰ লগতে কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি প্ৰেক্ষাগৃহ আনন্দমুখৰ কৰি তোলে। শিল্পী প্ৰাঞ্জল শইকীয়া আৰু পুৰ্ণিমা পাঠক শইকীয়াইও কবিতা আবৃত্তি আৰু ৰসাল বক্তব্য আগবঢ়ায়।
উল্লেখ্য, সন্মিলনত গোটৰ প্ৰশাসিকা জিতা বৰুৱাই আগবঢ়োৱা সুগন্ধি পখিলা বঁটা ২০২৫ কবি, লেখিকা কল্যাণী ডেকাক প্ৰদান কৰে সাধাৰণ সম্পাদক জিতু দত্তই। সন্ধিয়ালৈকে অনুষ্ঠিত উক্ত সন্মিলনত গীত, নৃত্য, কবিতা, চুটি অভিনয় আদি পৰিৱেশন কৰে 'সুগন্ধি পখিলা'ৰ সদস্য বিভা ৰাণী কলিতা, ৰঞ্জিতা সিংহ, ৰঞ্জিতা ফুকন, ৰাবিয়া বেগম, ববিতা দেৱী, কবিতা বৰদলৈ, পদ্মা লহকৰ, মধুপৰ্ণা দাস, ৰুলী শৰ্মা, কল্পনা শৰ্মা, হিৰামণি দাস, ভনীতা ডেকা, পাখি দাস, চিত্ৰা ডেকা, অনিতা ডেকা, কল্পনা দেৱী, জোনালী ডেকা, মিন্টু শৰ্মা, সীমান্ত হাজৰিকা, মনীষা হাজৰিকা দত্ত, শিখামণি বৰদলৈ, ৰাজশ্ৰী ৰাজখোৱাই।