"বিংশ শতিকাৰ অসমৰ এটা উল্লেখযোগ্য ঘটনা আছিল কটনিয়ানৰ প্ৰকাশ" অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামী

"ইউৰোপৰ দৰেই অসমৰো ঊনবিংশ শতিকা ১২৫ বছৰ দীৰ্ঘ হোৱাৰ বিপৰীতে কুৰি শতিকা প্ৰায় ৬২ বছৰহে ব্যাপ্ত হৈ আছিল । বিংশ শতিকাৰ তিনিটা প্ৰধান অসমৰ বাবে উল্লেখযোগ্য ঘটনা আছিল

author-image
Asomiya Pratidin
New Update
"বিংশ শতিকাৰ অসমৰ এটা উল্লেখযোগ্য ঘটনা আছিল কটনিয়ানৰ প্ৰকাশ" অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামী

ফটো-সংগ্ৰহ

ডিজিটেল ডেস্কঃ "ইউৰোপৰ দৰেই অসমৰো ঊনবিংশ শতিকা ১২৫ বছৰ দীৰ্ঘ হোৱাৰ বিপৰীতে কুৰি শতিকা প্ৰায় ৬২ বছৰহে ব্যাপ্ত হৈ আছিল । বিংশ শতিকাৰ তিনিটা প্ৰধান অসমৰ বাবে উল্লেখযোগ্য ঘটনা আছিল ।

Advertisment

সেইকেইটা হৈছে ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন, দ্বিতীয়টো আছিল ১৯২১ চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণ আৰু তৃতীয়টো আছিল ১৯২২ চনত অধ্যাপক আৰ চি গফিনৰ দ্বাৰা সম্পাদিত "দ্য কটন কলেজ মেগাজিন"ৰ প্ৰকাশ ।

অধুনালুপ্ত কটন কলেজৰ বাৰ্ষিক প্ৰকাশন "কটনিয়ান"ৰ শতবৰ্ষ উদযাপনৰ এটি অংশ হিচাপে বক্তৃতামালাৰ প্ৰথম বক্তৃতা প্ৰদান কৰি অসমৰ প্ৰখ্যাত সাহিত্য সমালোচক অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীৱে এই মন্তব্য প্ৰকাশ কৰে ।

তেওঁ লগতে উল্লেখ কৰি কয় যে, "কটনিয়ান"ৰ পাততেই পোনপ্ৰথমবাৰৰ বাবে পণ্ডিত বাণীকান্ত কাকতিয়ে প্ৰকাশ কৰা সমালোচনাত্মক প্ৰবন্ধ এটা প্ৰকাশ পাইছিল যিটো সম্প্রতি বাণীকান্ত কাকতি ৰচনাৱলীতো অন্তৰ্ভুক্ত হোৱা নাই ।

শতবৰ্ষ উদযাপনৰ বক্তিতানুষ্ঠান
শতবৰ্ষ উদযাপনৰ বক্তিতানুষ্ঠান

যোৱাকালি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত অনুষ্ঠিত বক্তৃতানুষ্ঠানটোৰ উদ্ধোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই ।

কটনিয়ানৰ বৰ্তমানৰ সম্পাদক অংকুৰজ্যোতি শৰ্মাই আঁত ধৰা এই অনুষ্ঠানতেই ১৯৩৭-৩৮ চনত প্ৰকাশিত দুষ্প্ৰাপ্য কটনিয়ানৰ সংখ্যাটি ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰাললৈ অৰ্পণ কৰে নগাঁওৰ উদ্যোগী ব্যক্তি প্ৰশান্ত বৰাই ।

ইয়াৰ উপৰিও ইতিপূৰ্বে সংগ্ৰহত নথকা ১৯৫২-৫৩ চনৰ মহম্মদ তাহেৰে সম্পাদননা কৰা কটনিয়ানৰ সংখ্যা দুটিও আনুষ্ঠানিকভাৱে অৱসৰী অধ্যাপক ইৰচাদ আলীয়ে কটন পৰিয়ালক অৰ্পণ কৰে ।

কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক, ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ দ্বিতীয়লানি বক্তৃতা অহা মে' মাহৰ মধ্যভাগত অনুষ্ঠিত হব বুলি কটনিয়ানৰ তত্বাৱধায়ক ড০ প্ৰসূন বৰ্মন আৰু ড০ পায়েল জৈনে জনায় ।

Also Read: ‘হিট ষ্ট্ৰ’ক’ৰ লক্ষণসমূহ জানি লৈ সাৱধান হওক

cotton university cottanian published