প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতে মানকাচৰত চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে ব্যৱসায়ীয়ে

এইচ-এম পথৰ দুয়োপাৰে বেদখল হৈ থকা চৰকাৰী মাটি ৩০ ফুটকৈ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
iuhdkjasdksdksah

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ অসম চৰকাৰৰ ৩.০ অসম মালা আঁচনিৰ জৰিয়তে ৯২ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া ২৫ কিলোমিটাৰ এইচ-এম পথৰ দুয়োপাৰে বেদখল হৈ থকা চৰকাৰী মাটি ৩০ ফুটকৈ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে।

Capturehttytujyjy

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ নিৰ্দেশত মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা বিগত ২৮ জানুৱাৰীত বেদখলমুক্ত কৰাৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিছে। ইয়াৰ পাছতে ৰাস্তাটোৰ দুয়ো পাৰে থকা ব্যৱসায়ী সকলে দোকান সমূহ নিজেই আঁতৰাই নিয়াৰ লগতে ৰাইজে নিজৰ ঘৰ-দুৱাৰ আঁতৰাই নিয়া দেখা গৈছে।

Capturefgtyyyujyiuio

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ৰাস্তাটো বিধস্ত হৈ থকাত জিলাবাসীয়ে এই ৰাস্তা নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাটশিঙিমাৰী-মানকাচৰ সংযোগী এইচ-এম ৰোড নিৰ্মাণৰ বাবে অসম মালা আঁচনিৰ জৰিয়তে ৯২ কোটি টকা মোকোলাই দিছে। হাই টেক নামৰ কোম্পানীয়ে চলিত মাহতে এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ৰাস্তা নিৰ্মাণৰ বাবে জিলাখনত ব্যৱসায়ী ৰাইজ পূৰ্ণ সহযোগ কৰি থকা দেখা গৈছে।

হাটশিঙিমাৰী