Forbes Top 10 Richest Indian - ভাৰতৰ শীৰ্ষৰ ১০ জন ধনী ব্যক্তি

Forbes Top 10 Richest Indian - ভাৰতৰ শীৰ্ষৰ ১০ জন ধনী ব্যক্তি

ডিজিটেল ডেস্ক: ভাৰতৰ ধনী ব্যক্তি বুলি কলে সাধাৰণতে সকলোয়ে আম্বানী আৰু আদানিৰ নামেই মুখত লয়। কিন্তু প্ৰকৃততে ভাৰতত বহু অতি ধনী ব্যক্তি আছে।বিভিন্ন পেছাদাৰী ক্ষেত্ৰৰ পৰা অহা ভাৰতীয় বিলিয়নেয়াৰসকলে দেশৰ অৰ্থনীতি উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আনহাতে, চাৰিজন ভাৰতীয়ৰ নাম বিশ্বৰ শীৰ্ষ ১০০ জন ধনী ব্যক্তিৰ তালিকাতো অন্তৰ্ভূক্ত হৈছে।

ফৰ্বছ তালিকা মতে, আটাইতকৈ ধনী ভাৰতীয়কেইজন হৈছে-

গৌতম আদানি

গৌতম আদানি হৈছে ভাৰতৰ এনে এজন ব্যক্তি যিয়ে আটাইতকৈ দ্ৰুততাৰে এক বিলিয়ন ডলাৰ সম্পদ গঢ়িবলৈ সক্ষম হৈছে।আদানিয়ে প্ৰায় সকলো সময়তে ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰভাৱশালী ব্যক্তিসকলৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক বজায় ৰাখে।তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫০ বিলিয়ন ডলাৰ।যাৰ ফলত তেওঁ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।আদানিৰ ব্যৱসায় বিভিন্ন উদ্যোগৰ সৈতে জড়িত।

মুকেশ আম্বানী

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত নাম আছে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ।মুকেশ আম্বানীৰ নাম ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে ফৰ্বছ তালিকাৰ শীৰ্ষত আছিল যদিও এইবেলি আম্বানী এই তালিকাৰ দ্বিতীয় স্থানলৈ আহিছে।ডলাৰ হিচাপত তেওঁৰ বৰ্তমান সম্পত্তিৰ মুঠ মূল্য ৮৮ বিলিয়ন ডলাৰ।

ৰাধাকিষাণ দামণি

মুম্বাইৰ প্ৰখ্যাত বিনিয়োগকাৰী ৰাধাকিষাণ দামণিয়ে ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত পঞ্চম স্থান দখল কৰিছে।২০২২ চনত বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাত ৭৮ সংখ্যক স্থানত আছিল ৰাধাকিষাণ দামনি। তেওঁৰ সম্পত্তিৰ মুঠ মূল্য ২৭.৬ বিলিয়ন আমেৰিকান ডলাৰ।

চাইৰাছ পুনাৱালা

চাইৰাছ পুনাৱালা হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে এজন অন্যতম সফল ভেকছিন উৎপাদক। তথ্য মতে, ভাৰতৰ চিৰাম ইনষ্টিটিউটে বাৰ্ষিক ১.৫ বিলিয়ন ভেকছিনৰ পালি প্ৰস্তুত কৰে। এই ভেকছিনবোৰে পলিঅ', সৰু আই আৰু ইনফ্লুৱেঞ্জাৰ দৰে ৰোগৰ পৰা সুৰক্ষা দিয়ে। চাইৰাছ পুনাৱালা ভাৰতীয় ধনী ব্যক্তি ২০২৩ৰ তালিকাত চতুৰ্থ স্থানত আছে। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ২১.৫ বিলিয়ন ডলাৰ।

শিৱ নাদাৰ

এইচ চি এল টেকন'লজিছৰ অন্যতম সহ-প্ৰতিষ্ঠাপক শিৱ নাদাৰ। তেওঁৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ ২১.৪ বিলিয়ন আমেৰিকান ডলাৰ। এইচ চি এল হৈছে ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ ছফ্টৱেৰ সেৱা প্ৰতিষ্ঠান আৰু নাদাৰ হৈছে কোম্পানীটোৰ অধ্যক্ষ। আনহাতে, সমাজহিতৈষী শিৱ নাদাৰ হৈছে শিৱ নাদাৰ ফাউণ্ডেচনৰ মুৰব্বী। নাদাৰৰ এই ফাউনণ্ডেচনে শৈক্ষিক দিশৰ উন্নয়নৰ বাবে কাম কৰা সংগঠনবোৰক বিত্তীয় সহায় আগবঢ়ায়।

দিলীপ শাংভি

চান ফাৰ্মা হৈছে বিশেষ জেনেৰিক ঔষধৰ চতুৰ্থ সৰ্বাধিক বিশিষ্ট নিৰ্মাতা। দিলীপ শাংঘৱী এই কোম্পানীটোৰ প্ৰতিষ্ঠাপক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৫.৫বিলিয়ন আমেৰিকান ডলাৰ।যাৰ ফলত তেওঁ পৃথিৱীৰ ১১৫ সংখ্যক ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।

কুমাৰ বিৰলা

কুমাৰ মংগলম বিৰলাৰ দ্বাৰা পৰিচালিত আদিত্য বিৰলা গ্ৰুপৰ ১৪ টা বিভিন্ন উদ্যোগ আছে। এলন ছলি, ভেন হিউচেন, পেণ্টালুন আৰু আল্ট্ৰা টেক চিমেণ্টকে ধৰি কেইবাটাও বিখ্যাত ব্ৰেণ্ড বিৰলা কোম্পানীটোৰ মালিকানাধীন।তদুপৰি ২০১৮ চনৰ আগষ্টত আদিত্য বিৰলা গ্ৰুপে ভাৰতৰ অন্যতম বিশিষ্ট টেলিকম প্ৰতিষ্ঠান স্থাপন কৰি আইডিয়া চেলুলাৰ আৰু ভোডাফোন ইণ্ডিয়াৰ একত্ৰীকৰণ সফলতাৰে সম্পাদন কৰিবলৈ সক্ষম হৈছিল।কুমাৰ বিৰলাৰ সম্পত্তিৰ মূল্য ১৫ বিলিয়ন।

লক্ষ্মী মিত্তাল

ষ্টীল উদ্যোগত সফলতাৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত লক্ষ্মী মিত্তালৰ সম্পত্তিৰ মুঠ মূল্য ১৩.৮ বিলিয়ন আমেৰিকান ডলাৰ। ২০০৬ চনত মিত্তাল ফাৰ্ম আৰু মিত্তাল ষ্টীলছ, ফ্ৰাণ্সৰ আৰ্চেলৰ সৈতে একত্ৰিত হোৱাৰ সময়ত ইয়াক গঠন কৰা হৈছিল।ইয়াৰ পাছতেই মিত্তালে ব্যৱসায়িক ক্ষেত্ৰখনত দুগুণে উন্নতি কৰিবলৈ সক্ষম হৈছিল।

উদয় কোটাক

কোটাক মহিন্দ্ৰা বেঙ্কৰ মুঠ বজাৰ মূলধন ১৪.৩ বিলিয়ন ডলাৰ।উদয় কোটাক এই কোম্পানীৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু পৰিচালনা সঞ্চালক। তেওঁৰ নাম বিশ্বৰ ধনী লোকৰ তালিকাত ১২৯ সংখ্যক আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দশম স্থানত আছে। 

দিলীপ শাংভি

চান ফাৰ্মা হৈছে বিশেষ জেনেৰিক ঔষধৰ চতুৰ্থ সৰ্বাধিক বিশিষ্ট নিৰ্মাতা। দিলীপ শাংঘৱী এই কোম্পানীটোৰ প্ৰতিষ্ঠাপক। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৫.৫বিলিয়ন আমেৰিকান ডলাৰ।যাৰ ফলত তেওঁ পৃথিৱীৰ ১১৫ সংখ্যক ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে |

পালোঞ্জি মিস্ত্ৰী

মুঠ ১৪.২ বিলিয়ন আমেৰিকান ডলাৰৰ সম্পত্তিৰ সৈতে মিস্ত্ৰী হৈছে বিশ্বৰ ১২৫ আৰু ভাৰতৰ নৱম সংখ্যক ধনী ব্যক্তি।শাপুৰজী পালোঞ্জী গোটে মিস্ত্ৰীৰ বিশাল নিৰ্মাণ কোম্পানীটোৰ তত্বাৱধান কৰে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in