ভাৰতৰ পৰা বিশ্বলৈ: পৃথিৱী সলনি কৰা ভাৰতীয় বিজ্ঞানীকেইজন

ভাৰতৰ পৰা বিশ্বলৈ: পৃথিৱী সলনি কৰা ভাৰতীয় বিজ্ঞানীকেইজন

ডিজিটেল ডেস্ক: প্ৰাচীন দিনৰ পৰা সাম্প্ৰতিক সময়লৈ ভাৰত সদায় বৈজ্ঞানিকভাৱে উন্নত দেশ হিচাপে বিবেচিত হৈ আহিছে।ভাৰতৰ বুকুতে জন্ম লোৱা বহু বিখ্যাত বিজ্ঞানীয়ে দেশখনৰ এই ইৰ্ষণীয় উন্নতিত অৰিহণা যোগাইছে।ইয়াৰ প্ৰমাণ বিভিন্ন ঐতিহাসিক ভাৰতীয় গ্ৰন্থ আৰু পাণ্ডুলিপিত পোৱা যায়।

বিজ্ঞানৰ দিশত আগবঢ়াই নি দেশখনক এক নতুন পৰিচয় দিয়া আমাৰ দেশৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান বিজ্ঞানীসকলৰৰ বিষয়ে আজি জানো আহক-

এ পি জে আব্দুল কালাম

১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা অভুল পাকিৰ জৈনুলাবদিন আব্দুল কালাম ভাৰতৰ এজন বিখ্যাত বিজ্ঞানী।তেওঁ ২০০২ৰ পৰা ২০০৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ')ত এৰোস্পেচ অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল, য'ত তেওঁ ভাৰতীয় সেনাৰ বাবে হেলিকপ্টাৰ ডিজাইন কৰিছিল। তেওঁক ১৯৬৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ (ইছৰো) স্থানান্তৰ কৰা হৈছিল। ইছৰোত তেওঁ ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন এছএলভি-৩ৰ প্ৰকল্প সঞ্চালক আছিল, যি ১৯৮০ চনত পৃথিৱীৰ ওচৰৰ কক্ষপথত ৰোহিণী উপগ্ৰহ স্থাপন কৰাত সফল হৈছিল।এইগৰাকী মহান বিজ্ঞানীৰ নেতৃত্বত ভাৰতে মিছাইল উৎপাদন আৰু পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীত দ্ৰুত বিকাশ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ মিছাইল মেন হিচাপে খ্যাত কালামৰ ২০১৫ চনৰ ২৭ জুলাইত মৃত্যু হয়।

সতেন্দ্ৰ নাথ বসু

বসু-আইনষ্টাইন পৰিসংখ্যাৰ ভেটি গঢ়াৰ ক্ষেত্ৰত এলবাৰ্ট আইনষ্টাইনৰ সৈতে কৰা সহযোগিতা তথা কোৱাণ্টাম বলবিজ্ঞান সন্দৰ্ভত কৰা কামৰ বাবে বিখ্যাত সতেন্দ্ৰ নাথ বসু।বসু ভাৰতৰ এজন বিশিষ্ট পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ আছিল। ১৮৯৪ চনৰ ১ জানুৱাৰীত পশ্চিম বংগৰ কলিকতা এইগৰাকী বিজ্ঞানীৰ জন্ম হৈছিল। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ প্ৰদান কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে বিজ্ঞান সন্দৰ্ভত ৰচিত তেওঁৰ একমাত্ৰ কিতাপ বিশ্ব-পৰিচাই সতেন্দ্ৰ নাথ বসুক উৎসৰ্গা কৰিছিল। ১৯৭৪ চনৰ ৪ ফেব্ৰুৱাৰীত সতেন্দ্ৰ নাথ বসুৰ মৃত্যু হয়।

ছালিম আলী

‘ভাৰতৰ বাৰ্ডমেন’ হিচাপে জনপ্ৰিয় চেলিম মইজুদ্দিন আব্দুল আলীৰ জন্ম ১৮৯৬ চনৰ ১২ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত হৈছিল। এজন প্ৰকৃতিবিদ আৰু পক্ষীবিদ চেলিম আলী আছিল প্ৰথম ভাৰতীয় যিয়ে সমগ্ৰ ভাৰতত চৰাইৰ ওপৰত প্ৰণালীবদ্ধ জৰীপ চলাইছিল। তেওঁ ভাৰতপুৰ পক্ষী অভয়াৰণ্য স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বোম্বে নেচাৰেল হিষ্ট্ৰি ছ'চাইটিৰ বিকাশত অৰিহণা যোগাইছিল, যিয়ে তেওঁক ভাৰতীয় মহান বিজ্ঞানীসকলৰ মাজৰ এজন কৰি তুলিছিল। এই অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ক্ৰমে ১৯৫৮ আৰু ১৯৭৬ চনত পদ্মভূষণ আৰু পদ্ম বিভূষণৰে সন্মানিত কৰিছে। তেওঁ আমেৰিকান পক্ষীবিদ চিডনী ডিলন ৰিপলিৰ সহযোগত ভাৰত আৰু পাকিস্তানৰ চৰাই সন্দৰ্ভত  দহ খণ্ডৰ কিতাপ লিখি উলিয়াইছিল। ১৯৮৭ চনৰ ২০ জুনত চেলিম আলীৰ মৃত্যু হয়।

হোমী জাহাংগীৰ ভাৱা

ভাৰতীয় পাৰমাণৱিক ক্ষেত্ৰৰ জনক হোমী জাহাংগীৰ ভাবাৰ জন্ম ১৯০৯ চনৰ ৩০ অক্টোবৰত। তেওঁ ভাৰতৰ এজন বিশিষ্ট পাৰমাণৱিক পদাৰ্থ বিজ্ঞানী। তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ দলৰ নেতাসকলক বিশেষকৈ জৱাহৰলাল নেহৰুক ভাৰতত এক উচ্চাভিলাষী পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰিবলৈ সৈমান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ১৯৪৫ চনত বোম্বাইত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান আৰু ১৯৪৮ চনত পাৰমাণৱিক শক্তি আয়োগ স্থাপন কৰে।তেওঁ পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ১৯৬৬ চনৰ ২৪ জানুৱাৰীত অষ্ট্ৰিয়ালৈ যাওঁতে বিমান দুৰ্ঘটনাত হোমী জাহাংগীৰ ভাবাৰ মৃত্যু হয়।

ৰামানুজন

১৮৮৭ চনৰ ২২ ডিচেম্বৰত তামিলনাডুত জন্মগ্ৰহণ কৰা ৰামানুজন এজন বিশিষ্ট গণিতজ্ঞ। তেওঁ গাণিতিক বিশ্লেষণ, অসীম শৃংখলা, সংখ্যা তত্ত্ব আৰু ভগ্নাংশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁৰ দ্বাৰা প্ৰভাৱিত সকলো ক্ষেত্ৰত গৱেষণা প্ৰকাশ কৰিবলৈ এখন বৈজ্ঞানিক আলোচনী স্থাপন কৰা হৈছিল, যাৰ নাম আছিল ৰামানুজন জাৰ্নেল। তেওঁ কেমব্ৰিজৰ ট্ৰিনিটি কলেজত গৱেষণা কৰা প্ৰথম ভাৰতীয় আছিল, আৰু ৰয়েল চছাইটিৰ আটাইতকৈ কনিষ্ঠ গৱেষকসকলৰ ভিতৰত এজন আছিল। ১৯২০ চনৰ ২৬ এপ্ৰিলত ৰামানুজনৰ মৃত্যু হয়।

ভাৰতৰ পৰা বিশ্বলৈ: পৃথিৱী সলনি কৰা ভাৰতীয় বিজ্ঞানীকেইজন
Famous Personalities of Assam: অসমৰ বৰেণ্য ব্যক্তিসকল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in