Famous Personalities of Assam: অসমৰ বৰেণ্য ব্যক্তিসকল

Famous Personalities of Assam: অসমৰ বৰেণ্য ব্যক্তিসকল

ডিজিটেল ডেস্ক:Famous Personalities of Assam: অসমৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাত অসমৰ একাংশ ব্যক্তিৰ অৱদান অতুলনীয়। সেইসল ব্যক্তিয়ে তেওঁলোকৰ ব্যতিক্ৰমী সৃষ্টীশৈলীৰে অসমীয়া জাতিটোক পোহৰাই থৈ গৈছে, দি গৈছে এক নতুন চিনাকি।নতুন প্ৰজন্মই নিখুঁট ভাৱে শিকিব পৰাকৈ তেওঁলোকে গঢ়ি থৈ গৈছে এক শিল্প-সাহিত্য তথা সংস্কৃতিৰ শক্তিশালী ভেঁটি ।

সেইসকল বৰেণ্য ব্যক্তিৰ ভিতৰত-

শ্ৰীমন্ত শংকৰদেৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাত তেওঁৰ জন্ম হৈছিল।তেওঁ একশৰণ নাম-ধৰ্মৰ জৰিয়তে বৈষ্ণৱী দৰ্শনৰ প্ৰচাৰ কৰিছিল।জাতিৰ জনক শ্ৰীমন্ত শংকদেৱ নাটক, উপন্যাস আদি ৰচনা কৰাত দক্ষ আছিল।তেওঁ কীৰ্তন ঘোষা, আংকীয়া নাট,ভাওনা আৰু সত্ৰীয়া নৃত্যৰো স্ৰষ্টা।অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ‘মহাপুৰুষ’ আৰু ‘অৱতাৰী পুৰুষ’ৰূপে আখ্যা দিয়া হয়।১৫৬৮ চনত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ তেওঁ ইহলীলা সম্বৰণ কৰে।

শ্ৰী শ্ৰী মাধৱদেৱ

অসমৰ মহাপুৰুষীয়া ধৰ্ম প্ৰৱৰ্তনৰ মূল হোতা আছিল মাধৱদেৱ। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। গুৰু ভক্তিৰ বাবে তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। ১৪৮৯ চনত লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়।বৰগীত,ভক্তি ৰত্নাৱলী আৰু নামঘোষাৰ স্ৰষ্টা আছিল মাধৱদেৱ।১৫৯৬চনত কোচবিহাৰত তেওঁৰ মৃত্যু হয়।

স্বৰ্গদেউ চাওলুং চুকাফা

স্বৰ্গদেউ চাওলুং চুকাফাই অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।তেওঁ আছিল বৰ অসমৰ ভেঁটি গঢ়োতা। চুকাফা অত্যন্ত কষ্টসহিষ্ণু,বীৰ আৰু সাহসী যোদ্ধা আছিল।তেওঁক কোনো বিপদেই কোনো কালেই টলাব নোৱাৰিছিল। চুকাফাই নিজ ৰাজ্য পৰিত্যাগ কৰি অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছতেই সলনি হৈছিল অসম বুৰঞ্জীৰ ধাৰা।চাওলুং চুকাফাই জন্মগ্ৰহণ কৰিছিল আনুমানিক ১১৯০ খ্ৰীষ্টাব্দত মুংখুমুংজাও ৰাজ্যত। চুকাফাৰ পিতৃ আছিল মুংখুমুংজাও ৰাজ্যৰ ৰজা চাওচাংন্যেও আৰু মাতৃ আছিল মুংমাও ৰাজ্যৰ ৰজা পামেওপুংৰ ভগ্নী।বিভিন্ন আখ্যান অনুসৰি চুকাফাক স্বৰ্গৰ ৰজা লেংডন বা ইন্দ্ৰৰ নাতি খুনলুং আৰু খুনলাইৰ বংশধৰ বুলি কোৱা হয়। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বৰঅসমৰ ভেঁটি স্থাপন কৰি চুকাফাই ১২৬৮ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়।

জ্যোতিপ্ৰসাদ আগৰৱালা

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা।জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ বুলি কোৱা হয়।তেওঁ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা।অসমীয়া ভাষা-সাহিত্য, নাটক, প্ৰবন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই গৈছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল। ১৯৩৫ চনত তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে।তেওঁৰ আনখন ছবি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদে তিনি শতাধিক গীত ৰচনা কৰি নিজে সুৰ দিছিল।এই গীতবোৰক 'জ্যোতি সংগীত' বুলি কোৱা হয়। ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰত তেওঁৰ ঘৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়।তেওঁৰ মৃত্যু তিথিক অসমীয়াই  শিল্পী দিৱস হিচাপে পালন কৰে।

বিষ্ণুপ্ৰসাদ ৰাভা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা একেলেথাৰিৰে এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা তথা মুক্তি যুঁজাৰু আছিল । ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা।কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত মুগ্ধ হৈ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা  বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি গৈছে।তেওঁ বহু বিপ্লৱী গীত ৰচনা কৰি গৈছে। তেওঁ লেখা গীতসমূহক ‘ৰাভা সংগীত’ বুলি কোৱা হয়। বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ গায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে প্ৰিয়লতা দত্তৰ মৃত্যু হয়।১৯৬৯ চনৰ ২০ জুনত তেজপুৰত কৰ্কট ৰোগত ৰাভাৰ মৃত্যু হয়।

লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱায়ে প্ৰায় অৰ্ধ শতিকা ধৰি অসমীয়া সাহিত্যত আধিপত্য বিস্তাৰ কৰিছিল।তেওঁ আধুনিক অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক আছিল।মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল।কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই ‘কৃপাবৰী ৰচনা’ সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপেও নিজক চিনাকি দিছিল।শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে।বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷প্ৰথমটো অসমীয়া চুটি গল্পৰ জনক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱাৰ আছে আন এক পৰিচয়৷

ড০ ভূপেন হাজৰিকা

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ভাৰতৰ আগশাৰীৰ গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত  তিনিচুকীয়া জিলাৰ 

শদিয়াত। তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।শিৱসাগৰ জিলাৰ নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ প্ৰকৃত ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকৰ মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা,সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল,  জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী।ড০ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত  ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।তেওঁ ‘ৰ'ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন ‘ বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল। ১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়।১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ছবি পৰিচালিকা কল্পনা লাজমীৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে।জীৱনৰ শেষছোৱাতো তেওঁ কাল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল।২০১৮ চনৰ ৩০ অক্টোবৰত প্ৰকাশ পোৱা  কল্পনা লাজমীৰ আত্মজীৱনী 'ভূপেন হাজৰিকা: এজ আই নিউ হিম'ত লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বহু  কথাই উল্লেখ কৰিছে।

 ১৯৫৬ চনত ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি লাভ কৰিছিল। এই ছবিখন তেওঁ পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে 'শকুন্তলা' (১৯৬১),'প্ৰতিধ্বনি' (১৯৬৪),'লটিঘটি' (১৯৬৬),'চিকমিক বিজুলী' (১৯৬৯),'ছিৰাজ' (১৯৮৮) আদি।

চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখ্য যে,১৯৭৫ চনত মুক্তি পোৱা পৰিচালক আব্দুল মজিদৰ ছবি 'ছামেলি মেমছাব'ত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

সাহিত্যৰ ক্ষেত্ৰতো সুধাকণ্ঠৰ বিশেষ দখল আছে। অসম সাহিত্য সভাই ২০০৮ চনত তেওঁৰ সাহিত্যকৰ্মৰ বাবে সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।

ড০ মামনি ৰায়ছম গোস্বামী

ডঃ মামনি ৰায়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত গুৱাহাটীত।তেওঁৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী।মামনি ৰয়ছম গোস্বামী ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান ‘জ্ঞানপীঠ'ৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু দ্বিতীয় গৰাকী অসমীয়া। ১৯৮৩ চনত তেওঁৰ উপন্যাস ‘মামৰে ধৰা তাৰোৱাল’ৰ বাবে সাহিত্য আকডমী বঁটা লাভ কৰিছিল।গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড০ গোস্বামীৰ ‘অৰিহন’, ‘নীলকণ্ঠ ব্ৰজ’, ‘চেনাবৰ স্ৰোত’, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’,’দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’, ‘আধা লেখা দস্তাবেজ’,’উদয়ভানুৰ চৰিত্ৰ’, ‘সংস্কাৰ’ আদি হৈছে কেইখনমান উল্লেখনীয় উপন্যাস।অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰীকে বহু বঁটা লাভ ২০১১ চনৰ ২৯ নবেম্বৰত এইগৰাকী মহান লেখিকাৰ পৰলোকপ্ৰাপ্তি ঘটে।

খগেন মহন্ত

খগেন মহন্ত অসমৰ এগৰাকী অন্যতম গায়ক, গীতিকাৰ আৰু  সুৰকাৰ। বিহু সম্ৰাট হিচাপেও তেওঁৰ আছে আন এক পৰিচয়।১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰিত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। শৈশৱৰ পৰাই তেওঁ নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা, খোলবাদ্যত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছিল।১৯৬০ চনত অসম ভাষা আন্দোলনৰ সময়ত তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। তেওঁৰ চিৰসেউজ গীতসমূহৰ ভিতৰৰ কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি অন্যতম। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোও খগেন মহন্তই সুৰ আৰু কণ্ঠ দিছিল।খগেন মহন্ত ১৯৬৫ চনত শিল্পী অৰ্চনা মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ অংগৰাগ  মহন্তও এগৰাকী সংগীত শিল্পী। উল্লেখ্য, ২০১৪ চনৰ ১২ জুনত গুৱাহাটীৰ নিগাজীপামস্থিত বাসগৃহত এইজন মহান শিল্পীৰ মৃত্যু হয়।

কৃষ্ণকান্ত সন্দিকৈ

অসমৰ এজন আগশাৰীৰ ৰাজনীতিবিদ আছিল কৃষ্ণকান্ত সন্দিকৈ।তেওঁ উজনি অসম মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল আৰু ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

হীৰেন ভট্টাচাৰ্য

কবি-গীতিকাৰ হীৰেন ভট্টাচাৰ্য সকলোৰে মাজত ‘হীৰুদা’ বুলিয়েই পৰিচিত। ‘সুগন্ধী পখিলাৰ কবি’ আৰু ‘প্ৰেম আৰু ৰ’দালিৰ কবি’ বুলিও তেওঁৰ আছে আন এক পৰিচয়। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত তেওঁৰ জন্ম হয়।তেওঁৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য।তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’, ‘বিভিন্ন দিনৰ কবিতা’, ‘কবিতাৰ ৰ'দ’, ‘সুগন্ধি পখিলা’, ‘শইচৰ পথাৰ মানুহ’, ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্‌চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’ আৰু ‘কেইটামান গান’ হৈছে তেওঁৰ অসমীয়া ভাষাত প্ৰকাশিত কাব্য সংকলন। বঙালী ভাষাত প্ৰকাশিত তেওঁৰ দুখন কাব্য সংকলন হৈছে ‘জোনাকী মন ও অন্যান্য’ আৰু ‘শস্যেৰ মাঠ ও অন্যান্য’।শিশুপ্ৰিয় হীৰুদায়ে শিশুৰ বাবে লেখা সংকলন হৈছে ‘ল'ৰা ধেমালি’, ‘আকৌ ধেমালি’ আৰু  ‘ৰৈ ৰৈ ধেমালি’।তেওঁ বহুকেইখন বাতৰি কাকতৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, ৰঘুনাথ চৌধুৰী বঁটা, বিষ্ণুৰাভা বঁটাকে বহুকেইটা বঁটাৰে সন্মানিত হৈছে।২০১২ চনৰ ৮ জুলাইত গুৱাহাটীস্থিত বাসগৃহত হীৰুদাৰ মৃত্যু হয়।

এইসকল মহামানৱৰ লগতে আৰু বহু বৰেণ্য ব্যক্তি আছে, যিসকলে অসমখনৰ হকে নিজৰ সৰ্বোচ্চ উজাৰি দিছে।এই লেখাত সকলোৰে নাম উল্লেখ কৰিব নোৱাত আমি দু:খিত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in