গেলাবিল কাণ্ডৰ দুই মূল অভিযুক্তক আৰক্ষীয়ে ৰাজ আতিথ্য প্ৰদানৰ অভিযোগ

গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে দুই অভিযুক্তক গোলাঘাট আৰক্ষী থানাত চাহ বিস্কুতেৰে আপ্যায়ণ কৰা লগতে কথা-বতৰা পাতি ৰাজ আতিথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃ  সৰুপথাৰ গেলাবিলত ৩০ জুলাইত সংঘটিত বৰ্বৰ ঘটনাৰ আন দুটা মূল অপৰাধী শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক প্ৰায় এক সপ্তাহৰ পাছতহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত এতিয়া সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ'ই সৰ্বত্ৰে খলকনি তুলিছে। দৰাচলতে, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে দুই অভিযুক্তক গোলাঘাট আৰক্ষী থানাত চাহ বিস্কুতেৰে আপ্যায়ণ কৰা লগতে কথা-বতৰা পাতি ৰাজ আতিথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে।

সামাজিক মাধ্যমত এই ভিডিঅ' আৰু ফ'টো ভাইৰেল হৈ পৰা পাছতে উত্তেজিত হৈ পৰিছে সাধাৰণ ৰাইজ। ৰাইজে দাবী কৰা ন্যায়ৰ বিপৰীতে এখন অন্য ছবিহে প্ৰতিফলিত হোৱা বুলি একাংশই ক্ষোভ উজাৰিছে। আৰক্ষীৰ এনে কাণ্ড মানি ল'ব পৰা নাই ৰাইজে।

উল্লেখ্য যে, আৰক্ষীৰ এনে আচৰণে অপৰাধীক অনাগত দিনত ইয়াতকৈ জঘন্য ঘটনা সংঘটিত কৰিবলৈ সাৰ-পানী যোগোৱা বুলি মন্তব্য কৰিছে বৌদ্ধিক সমাজে। লগতে আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা হেৰুৱা বুলিও মন্তব্য কৰি, ধিক্কাৰ দিয়া লগতে অপৰাধীক উচিত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। 

মৰেল পুলিচিং