শুকুৰবাৰে বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া, চৰকাৰী বন্ধ ঘোষণা

শুকুৰবাৰে বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া, চৰকাৰী বন্ধ ঘোষণা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে।

বৃহস্পতিবাৰে বিয়লি ৫.০৫ বজাত বাজপেয়ীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে তেওঁৰ শেষকৃত্য সম্পৰ্কে আলোচনা কৰিবলৈ ৬.৩০ বজাত আয়োজিত জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। সিদ্ধান্ত অনুযায়ী শুকুৰবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশজুৰি ৭ দিনৰ ৰাষ্ট্ৰীয় শোক পালনৰ কথাও ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই ৭ দিনত দেশজুৰি অৰ্ধনমিত কৰি ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকা। শুকুৰবাৰৰ দিনটোত সমগ্ৰ দেশতে বন্ধ ৰখা হ'ব কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ।

দিল্লী চৰকাৰে ইতিমধ্যে কাইলৈৰ দিনটোত বিদ্যালয়কে আদি কৰি সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে। ওড়িষা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশকে আদি কৰি প্ৰায়বোৰ ৰাজ্য চৰকাৰেও কাইলৈৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।

আজি দিল্লীৰ এইমছৰ পৰা বাজপেয়ীৰ নশ্বৰ দেহ লৈ যোৱা হয় তেওঁৰ কৃষ্ণ মেননস্থিত বাসভৱনলৈ। তাত শেষ শ্ৰদ্ধা জ্ঞাপনৰ পিছত তেওঁৰ মৃতদেহ লৈ যোৱা হয় নতুন দিল্লীস্থিত বিজেপিৰ প্ৰধান কাৰ্যালয়লৈ। তেওঁৰ স্মৃতিত দিল্লীত স্মৃতিসৌধ এটিও নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সংবাদ মাধ্যমক জনোৱা মতে, কাইলৈ দিনৰ ১ বজাত বাজপেয়ীৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব আৰু বিয়লি ৪ বজাত শেষকৃত্য সম্পন্ন কৰা হ'ব।

  • দেশে হেৰুৱালে অমূল্য ৰত্নঃ মোডী

'দেশে আজি অমূল্য ৰত্ন হেৰুৱালে। শোক প্ৰকাশ কৰিবলৈ এই মুহূৰ্তত ভাষা হেৰুৱাই পেলাইছো।'- বৃহস্পতিবাৰৰ জৰুৰী কেবিনেট বৈঠকৰ পিছতে বিজেপি দলৰ পথ প্ৰদৰ্শকস্বৰূপ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ দেহাৱসানক লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বাজপেয়ীৰ মৃত্যুৱে এটা যুগৰ অন্ত পেলালে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, 'আজি এনে অনুভৱ হৈছে যেন মই মোৰ পিতৃক হেৰুৱালো। সঁচাকৈয়ে এই শূন্যতা আৰু কাহানিও পূৰ্ণ নহ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in