অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত তেওঁ আছিল আমাৰ কাষত…

অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত তেওঁ আছিল আমাৰ কাষত…

 মৃদুল কুমাৰ সন্দিকৈ

পাৰ ভাঙি বৈছে দুখৰ চকুপানী। শোকৰ এই সমদলত উচ্ছাৰিত হৈছে কেৱল তেওঁৰ নাম। মোৰ প্ৰিয় দেশবাসী বুলি সম্বোধন কৰিবলৈ তেওঁ আৰু নাহে উভতি। শব্দৰ শেলেৰে কঠিন সময়ত উপহাস কৰি ধীৰে-স্থিৰে কবিতা মাতিবলৈ এই মৰতত আজি নাই তেওঁৰ ঠিকনা।

এটা যুগৰ অৱসান ঘটাই প্ৰিয় মানুহজন গুছি গ'ল অজান মুলুকলৈ। দেশেই আছিল তেওঁৰ সপোন। দেশবাসীয়ে আছিল তেওঁৰ জীৱন। কেতিয়াবা যদি সংসদত, কেতিয়াবা কোনো ৰাজহুৱা সভাত তেওঁ থিয় হ'লেই মৌন হৈ পৰিছিল সকলো।

বতাহো যেন তেতিয়া ৰৈ যায়। চাব বিচাৰে তেওঁৰ শব্দৰ সন্মোহনী যাদু। শব্দৰেই তেওঁ খেলে। সততা আৰু নিষ্ঠাৰে তেওঁ মানুহৰ হৃদয় জিনে। নাম অটল। অটল হৈয়ে তেওঁ থাকি গ'ল জীৱনভৰ। কেতিয়াও তেওঁ শিৰনত নকৰিলে। কোনো দিনেই থমকি নৰ'ল। নিকা ৰাজনীতি তেওঁৰ প্ৰথম আৰু অন্তিম লক্ষ্য আছিল।

প্ৰয়োজন হ'লে তেওঁ এৰি দিছিল সকলো। কিন্তু এৰি দিয়া নাছিল সততা আৰু নিষ্ঠাক। সিদ্ধান্তৰ সৈতেও তেওঁ অটল আছিল। বুজা-পৰা কেতিয়াও নকৰিছিল। এটা ভোটৰ বাবে চৰকাৰ ভাগিল। কিন্তু তেওঁৰ আক্ষেপ নাছিল। কৈছিল- 'চৰকাৰটো আহিব আৰু যাব, মই জোৰা-টাপলি মাৰি চৰকাৰ বচোৱাৰ ভাৰ লৈ ৰাজনীতি কৰিব নোৱাৰো'।

এয়াই আছিল তেওঁৰ দৰ্শন। অনবৰতে তন্দ্ৰাছন্ন অৱস্থাত দেখা পোৱা গৈছিল তেওঁক। গভীৰ ধ্যানত মগ্ন আছিল। এই ধ্যান আছিল দেশৰ হকে। দেশৰ কল্যাণৰ হকে এনেদৰে ধ্যান মগ্ন হৈ তেওঁ বিভিন্ন পথৰ সন্ধান কৰিছিল। কাৰো সৈতে তুলনা নহয় তেওঁৰ। আনকি, মহাত্মা গান্ধীৰ সৈতেও তেওঁৰ দৃঢ়তাক তুলনা কৰিব নোৱাৰি। বিপদ আহিলে তেওঁ সন্মুখীন হৈছিল। কাৰোবাক শিখণ্ডি কৰি তেওঁ পলোৱা নাছিল।

প্ৰচুৰ মেধা, প্ৰজ্ঞা আৰু দেশপ্ৰেম বোধ আছিল তেওঁৰ ৰাজনীতিৰ আধাৰ। ধৰ্মীয় চেতনাক তেওঁ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ পৰা দূৰত ৰখাইছিল। সেয়ে হয়তো অযোধ্যাত বাবৰি মছজিদ ভাঙিবলৈ যোৱা ঘটনাক তেওঁ মানি ল'ব পৰা নাছিল। আনকি প্ৰধানমন্ত্ৰী হৈ থাকোতে ২০০২ চনত যেতিয়া গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী তথা আজিৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সোঁৱৰাই দিছিল- 'ৰাজধৰ্ম পালন কৰক'।

এয়াই তেওঁৰ ব্যক্তিত্ব তথা জীৱনবোধ। এশ শতাংশই দেশৰ বাবে উৎসৰ্গিত এক প্ৰাণ। স্পষ্টবাদী আছিল তেওঁ। ব্যক্তিত্বৰে সকলোকে মোহিব পৰা এজন নেতা। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক তেওঁ নিজৰ ব্যক্তিত্বৰে আকৰ্ষিত কৰিছিল। ৰাষ্ট্ৰ সংঘৰ মজিয়াত প্ৰথম হিন্দীত বক্তব্য প্ৰদান কৰি ভাৰতীয় জাতীয়বোধক প্ৰতিফলন কৰিব পাৰিছিল।

ক্ষমতাৰ বাবে তেওঁ কেতিয়াও ৰাজনীতি কৰা নাছিল। ১৩দিন প্ৰধানমন্ত্ৰী হৈয়ে চকী এৰিবলগীয়া হ'ল। কিন্তু তেওঁৰ আক্ষেপ নাছিল। ১০বাৰকৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাত তেওঁ বিদেশ মন্ত্ৰী হৈছিল। স্বাধীনতাৰ সংগ্ৰামত তেওঁ অংশ লৈছিল। আৰ এছ এছ কৰিছিল। জনসংঘ প্ৰতিষ্ঠা কৰি বিজেপিক শাসনলৈকে অনালৈকে দীৰ্ঘসময় তেওঁ ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ আছিল।

ক্ষমতা পোৱাৰ পাছতো তেওঁ আছিল বিনম্ৰ। দেশৰ স্বাৰ্থত তেওঁ কোনো কামেই নকৰাকৈ থকা নাছিল। আমেৰিকা বা পশ্চিমীয়া দেশৰ প্ৰবল হেঁচা সত্বেও পোখৰাণত তেওঁ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। কুটনীতি তেওঁ ভালদৰে বুজি পাইছিল। পাকিস্তানলৈ বন্ধুত্বৰ হাত আগবঢ়াই দিছিল, লাহোৰলৈ বাছ চলাইছিল। মুশ্বাৰফক ভাৰতলৈ আহিবলৈ বাধ্য কৰোৱা মানুহজনেই আছিল তেওঁ। আৰু সেই একেজন মানুহেই বন্ধুত্বৰ গইনা লৈ কাৰ্গিলত পাকিস্তানে বিশ্বাসঘাতক কৰা সময়ত যোগ্য প্ৰত্যুত্তৰ দিবওঁ জানিছিল।

তেওঁ কৈছিল-'বন্ধু সলনি কৰিব পাৰি, কিন্তু চুবুৰীয়াক সলনি কৰিব নোৱাৰি'। সেয়ে তেওঁ পাকিস্তানলৈ বন্ধুত্বৰ হাত আগবঢ়াই ভাল চুবুৰীয়া কৰিব বিচাৰিছিল। পাকিস্তানে নুবুজিলে। তাৰ ফল পালে কাৰ্গিলত। স্বনিৰ্ভৰশীলতা তেওঁৰ আছিল অন্য এক লক্ষ্য। জাতীয় অৰ্থনীতিক কাৰোবাৰ ওচৰত বন্ধকত থব বিচৰা মানুহ নাছিল তেওঁ। দেশ বন্ধকত থৈ উন্নতি আৰু প্ৰগতিৰ মিছা মৰিচিকাৰ পাছত দৌৰিব নিবিচাৰিছিল। সঁচা অৰ্থত উপলব্ধি কৰিছিল প্ৰগতিৰ বাবে লাগে কি?

লুক ইষ্ট পলিচি তেওঁৰেই দৰ্শনৰ ফল। গাঁওসমূহৰ উন্নয়নৰ বাবে তেওঁ যোগাযোগৰ ব্যৱস্থাক অধিক ক্ষিপ্ৰ কৰিবলৈকে হাতত লৈছিল 'প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা'। গাঁওসমূহ যাতে প্ৰশাসনৰ সৈতে বিচ্ছিন্ন হ'ব নোৱাৰে সেই চিন্তা তেওঁ কৰিছিল। গভীৰ ৰসবোধৰ মাজত বিচৰণ কৰোতে তেওঁৰ উদাস আৰু চিন্তিত মুখৰ পৰাই হঠাৎ উলাইছিল এনে কিছু কথা, যিবোৰে শ্ৰোতাক হাঁহিৰ খোৰাক দিছিল। কিন্তু তেওঁ আছিল দৃঢ়। গহীনতাৰ মাজতেই বিচৰণ কৰি প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ সৈতে সততা-নিষ্ঠাৰে জীৱনক আগুৱাই নিব খোজা এজন চিৰকুমাৰ।

দীৰ্ঘদিনৰ এই ৰাজনৈতিক পৰিক্ৰমাত কোনো দিনেই তেওঁক লৈ বিতৰ্ক নহ'ল। কোনোৱে তেওঁৰ ফালে আঙুলি টোৱাব পৰা নাছিল। বগা কাপোৰৰ দৰে আছিল তেওঁৰ ব্যক্তিত্ব। য'ত নাছিল বিতৰ্কৰ এটাও দাগ। অসমৰ সৈতে তেওঁৰ আছিল অভিন্ন সম্পৰ্ক। ভূপেন হাজৰিকাক ভাল পাইছিল মনে-প্ৰাণে। এইবোৰটো তাৰেই ছবি। সংগীত নাটক একাডেমীৰ গধুৰ দায়িত্ব সুধাকণ্ঠক চমজাইছিল।

ৰাজনীতিৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাক লৈ আহিছিল। ভাবিছিল মানুহৰ মাজত থকা মানুহ। জনতাৰ সৈতে আছে দীৰ্ঘদিনৰ সম্পৰ্ক। গণসেতু স্থাপনৰ বাবে ৰাজনীতিত এনে মানুহৰ দৰকাৰ। সেই সপোন তেওঁৰ সফল নহ'ল। কিন্তু ভাবিছিল তেনেকৈয়ে।

অসম আৰু অসমীয়াৰ অস্তিত্বক লৈ ৬ বছৰীয়া অসম আন্দোলন কৰাৰ সময়ত চুবুৰীয়া ৰাজ্যৰ বাওঁপন্থী নেতাই ইতিকিং কৰিছিল। আন্দোলনটোক চেপি ধৰিছিল। ক'ত যে কি কথা ৰটনা কৰিছিল। পশ্চিম বংগৰ তেনে নেতাৰ 'জ্যোতি' ম্লান পৰিল। আজি কোনোবাই সেই শক্তিবোৰৰ বিৰুদ্ধে যুঁজ দি অসম আৰু অসমীয়াৰ কাষলৈ দৌৰি অহা তেওঁক মনত পেলাই নেপেলাই নাজানো। কিন্তু এইবোৰ সেই স্মৃতি। অসম আন্দোলনৰ দিনৰ এই ফটোবোৰ তাৰ প্ৰমাণ।

অসম আন্দোলনৰ সেই সময়ৰ নেতৃত্বৰ কাষত থাকি তেওঁ এই আন্দোলনটোৰ প্ৰাসংগিকতাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল। তেওঁ অসমলৈ আহি অসম আৰু অসমীয়াৰ ভাব-আৱেগক বুজিব পাৰিছিল। তেতিয়াই তেওঁ অনুমান কৰিছিল, এই সমস্যা কিমান গভীৰ হ'ব।

অসম আন্দোলনত নেতৃত্বৰ সৈতে সেই সুসম্পৰ্ক ৰক্ষা কৰিছিল পৰৱৰ্তী সময়তো। তেওঁ অসমৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল। এন ডি এ চৰকাৰলৈ অসম আন্দোলনৰ ফলশ্ৰুতিত গঢ় লৈ উঠা অগপই পৰৱৰ্তী সময়ত সমৰ্থন দিছিল। আঞ্চলিক ৰাজনৈতিক শক্তিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত গুৰুত্ব প্ৰদান কৰাৰ এক ঐতিহাসিক পদক্ষেপৰ ফল আছিল এনডিএ গঠন। ইয়াৰ মূল মানুহজনো আছিল তেওঁ।

বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ সৈতেও সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল তেওঁ। অসমৰ সমস্যাৰ বিষয়ে তেওঁ ছাত্ৰ নেতাসকলৰ পৰা প্ৰায়ে অৱগত হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো সেই আন্তৰিকতা তেওঁৰ কমা নাছিল। সঁচা অৰ্থত অসম আৰু অসমীয়াক ভাল পোৱা এজন ৰাষ্ট্ৰীয় নেতা হেৰুৱালো আজি।

ধৰ্মীয় সংকীৰ্ণতাৰ পৰা তেওঁ মুক্ত আছিল। দেশৰ কল্যাণৰ হকে তেওঁৰ দৃষ্টি আছিল বিশাল। জটিল পৰিস্থিতিত তেওঁ কেতিয়াও মৌন হৈ থকা নাছিল। চৰকাৰত থকা সময়তে সংসদ ভৱনত আক্ৰমণ হৈছিল। বিৰোধীয়ে তেওঁক সমালোচনাৰে থকা-সৰকা কৰিছিল। ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান টি এ এল আই চি-৮১৪ কাঠমাণ্ডুৰ পৰা অপহৰণ কৰি নিছিল। সেই বিমানত থকা যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰি আনিবলৈ তেওঁ যথেষ্ট সমালোচনা সহ্য কৰিবলগীয়া হৈছিল আৰু ধৈৰ্য্যৰ পৰীক্ষা দিছিল।

২০০৭চনত তেওঁক দেখা পোৱা গৈছিল অন্তিমখন ৰাজহুৱা সভাত। সেই বছৰ ফেব্ৰুৱাৰীত তেওঁ পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। লাহে লাহে তেওঁৰ স্বাস্থ্য পৰি আহিল। ২০০৯চনত তেওঁ ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি ল'ব লগা হ'ল। হেৰাই গ'ল সেই চিনাকি মাত। কিন্তু কাণত ভাহি থাকে আজিও চিৰপৰিচিত সেই কণ্ঠ।

বিজেপিক গঢ়া এই মানুহজন এদিন শয্যাশয়ী হ'ল। বিচনাতেই আৱদ্ধ হৈ পৰিল এটা ৰাজহুৱা জীৱন। সেই বছৰতে এক ষ্ট্ৰকত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ লাহে লাহে স্বাস্থ্য বেয়াৰ ফালে ঢাল খালে। হেৰুৱাই পেলালে স্মৃতি শক্তি। বাসগৃহতে আই চি ইউ ৰূপত সজাই তোলা এটা কোঠাত তেওঁ কেৱল এটা নথৰ দেহ হৈ পৰি ৰ'ল। নিৰ্দিষ্ট দুই একৰ বাদে তেওঁৰ সাক্ষাৎ পোৱাতো আনৰ বাবে সম্ভৱ নহ'ল।

২০০৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মৰ্গদৰ্শকৰূপে তেওঁৰ কিছু বাণী নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিলে। হুইল চেয়াৰত কেতিয়াবা বাহিৰলৈ ওলোৱা মানুহজন হুইল চেয়াৰতো বহিব নোৱাৰা হৈ পৰিল। জন্মদিনত ফুলৰ থোপা লৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকল কেতিয়াবা তেওঁৰ ঘৰলৈ যায়। কিন্তু তেওঁ সেইবোৰ অনুভৱ কৰিব পৰা অৱস্থাত নাছিল।

এদিন গহীন-গম্ভীৰ কণ্ঠৰে দেশ আৰু বিশ্বক জিনা মানুহজনৰ কণ্ঠ হেৰাই গৈছিল সময়ৰ সোতত। বিজেপিয়ে চৰকাৰ গঠন কৰিলে। মোডী প্ৰধানমন্ত্ৰী হ'ল। এফালে দেশজুৰি বিজেপিৰ উত্থান, আনফালে দলটোৰ নৈতিক স্খলন। হয়তো এইবোৰ দেখা পোৱা হ'লে তেওঁ বহু মনোকষ্ট পালে হয়। সেই মনোকষ্ট অৱশ্যে তেওঁ নাপালে। নাজানিলে কি হৈ আছে দেশত? কেনেদৰে চলাইছে তেওঁ গঢ়া দলটোৱে চৰকাৰ?

দেহত প্ৰাণ থাকিলেও জীৱনৰ অস্তিত্ব যেন নাছিল তেতিয়া তেওঁৰ মাজত। এফালে বাৰ্ধক্য, আনফালে ৰুগীয়া শৰীৰ। সকলো মিলি তেওঁ হৈ পৰিছিল এক অস্তিত্ব। ৯৩টা বছৰৰ প্ৰায় ১০টা বছৰ তেওঁ এনেদৰে কটালে। কিন্তু তাৰ পূৰ্বে বাকী সমগ্ৰ জীৱন দেশৰ বাবেই উৎসৰ্গিলে।

১৯২৪ চনৰ ২৫ ডিচেম্বৰৰ পৰা ২০১৮ৰ ১৬ আগষ্টলৈকে এই পৃথিৱীত থাকি তেওঁ গুছি গ'ল। থৈ গ'ল অলেখ কৃতি আৰু ৰাজনীতি তথা সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰ চানেকি। আজি দেশে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে তেওঁৰ অনুপস্থিতি অনুভৱ কৰিছে। কোনোবাই তেওঁক ভীষ্মৰ আখ্যা দিছে। নিকা আৰু সত্যৰ অন্বেষণৰ এই জীৱনবোধৰ মাজত শেষৰজন প্ৰতিনিধিক বিচাৰি পাইছে। এইবাবেইতো আজি ইমান শোক, ইমান শূন্যতা।

নেহৰুৱে এদিন কৈছিল- 'এদিন তেওঁ ভাৰতক নেতৃত্ব দিব'। সেই কথা সঁচা হ'ল। নেহৰুৰ দৰে তেওঁ পণ্ডিত নাছিল। পণ্ডিত নহ'লেও নেহৰুতকৈ তেওঁ ৰাজনীতিবিদ হিচাপে কম নাছিল। কৰ্ম আৰু ব্যক্তিত্বৰে উজ্বলি উঠা এই মহান জীৱনৰ বহুমাত্ৰিক গুণবোৰ এতিয়া এক সত্তা হৈ ৰৈ যাব। নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হ'ব।

তেওঁৰ অনুপস্থিতিত তেওঁৰ কবিতাবোৰে তেওঁ ক'বলগীয়া কথাবোৰ সদায় কৈ থাকিব। অটল হৈ থাকিয়েই আজি গুছি গ'ল তেওঁ। মূৰ তল নকৰাকৈ ৰাজনীতিত দৃঢ় হৈ থকা এটা নাম আছিল 'অটল'। 'মোৰ প্ৰিয় দেশবাসী' বুলি ভাব আৰু গভীৰতাৰ মাজত হেৰাই সম্বোধন কৰিবলৈ তেওঁ যে কেতিয়াও নাহে, সেই কথা চিৰসত্য।

ভাৰতীয় ৰাজনীতিৰ ইতিহাসত তেওঁ উজ্বল নক্ষত্ৰ হৈয়ে জিলিকি থাকিব। কায়িকভাৱে তেওঁ নাথাকিলেও, দেশবাসীৰ হৃদয়ত তেওঁ ৰৈ যাব। আজিৰ পৰা দূৰৈৰ আকাশৰ জোন-বেলি বা তৰা হৈ প্ৰিয় দেশবাসীক চাই থাকিব।

অটল বিহাৰী বাজপেয়ী এটা নাম নাছিল। ভাৰতীয় ৰাজনীতিত এক আদৰ্শ আৰু সততাৰ প্ৰতীক হৈ পৰিছিল। শ্ৰদ্ধা আৰু মৰমতে সকলোৱে 'অটলজী' বুলি মাতিছিল।

কবিতাই তেওঁৰ আত্মজীৱনী, কবিতাতেই তেওঁৰ দৰ্শন। গভীৰ উপলব্ধিত প্ৰবাহিত হৈছিল তেওঁৰ চিন্তা। তেওঁৰ ৰাজনীতি-জীৱনবোধত প্ৰবাহিত হৈ আছে সেই ধাৰা। সেয়েটো লিখিছিল এদিন-
'কি হাৰিম মই, কি জিকিম মই
অলপো ভয় নাই মোৰ,
কঠিন পথত যিয়ে পাইছো
সেয়াও সত্য, সেয়াও সত্য
বৰদান মই নিবিচাৰো
যিয়ে নহওঁক, মই পৰাজয় স্বীকাৰ নকৰো।'

সঁচাকৈয়ে কাৰো ওচৰত পৰাজয় স্বীকাৰ নকৰা মানুহজনে শেষত হাৰ মানিলে নিয়তিৰ হাতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in