শেহতীয়া খবৰ
উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...  •  আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ছাত্ৰৰ মৃত্যু...

গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান !

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান ! জামিনত থকা ইমৰান খানৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পিছতে এই সম্ভাৱনা অধিক ঘনিভূত হৈ পৰিছে। ইমৰান খানৰ ওপৰত একুৰিৰো অধিক গোচৰ ৰুজু হৈ আছে। এই গোচৰবোৰৰ ভিতৰত আছে সংঘৰ্ষ, ৰাজদ্ৰোহ, বিশৃংখলতা, যুক্তৰাষ্ট্ৰৰ ওপৰত সশস্ত্ৰ আক্ৰমণ আদি।

ইমৰান খানৰ গ্ৰেপ্তাৰৰ প্ৰসংগত দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে ৰাজহুৱা কৰিছে। তেওঁ স্পষ্টকৈ কৈছে ইমৰান খানৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত থকা নিৰাপত্তাৰক্ষীয়ে ইমৰান খানৰ জামিনৰ ম্যাদ উকলি যোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি ৰাণা ছানাউল্লাহে মন্তব্য কৰিছে।

বিগত পেছাৱাৰ উচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৫০ হাজাৰ টকাৰ জামিন বণ্ডৰ বিনিময়ত তিনি সপ্তাহৰ বাবে জামিন প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ শেষ হৈছে। সেয়েহে তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাই দেখা দিছে।

ক্লিক কৰি পঢ়কঃ মহানগৰীৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সমীপত পুৰুষৰ মৃতদেহ উদ্ধাৰ…