শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

অলিম্পিকৰ গেম ভিলেজত কোৰোনাৰ প্ৰৱেশ

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰতিযোগিতাখনলৈ বুলি ৰাউনা হৈছে বিভিন্ন দেশৰ খেলুৱৈ। এনে সময়তে আহিছে এক বেয়া খবৰ। টকিঅ’ অলিম্পিকস্থলীত প্ৰৱেশ কৰিছে মহামাৰী কোৰোনাই। প্ৰতিযোগিতাখনলৈ ৬ টা দিন বাকী থকাৰ সময়ত অলিম্পিকস্থলিত প্ৰথমজন কোৰোনা আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।

ক্লিক কৰি পঢ়কঃ ইটালীৰ পৰা টকিঅ’ অভিমুখে ৰাওনা হ’ল লাভলীনা…

প্ৰতিযোগিতাখনৰ আয়োজকে জনোৱা অনুসৰি গেম ভিলেজৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনা। এই বিশেষ ব্যক্তিজনক ইতিমধ্যে গেম ভিলেজৰ পৰা উলিয়াই দিয়া হৈছে আৰু তেওঁক এখন নিৰ্দিষ্ট হোটেলত ৰখা হৈছে। মনকৰিবলগীয়া যে এই গেম ভিলেজতেই থাকিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাহাজাৰ এথলিট আৰু দলীয় মেনেজমেণ্টৰ লোকসকল।

ইফালে টকিঅ’ অলিম্পিক আয়োজক কমিটিৰ মুখ্য সংগঠক চেইকো হাচিমোটোৱে জনাইছে যে, আমি যিকোনো কোভিডৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছো। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবেই এবছৰ পিছুৱাই দিয়া হৈছিল টকিঅ’ অলিম্পিক প্ৰতিযোগিতা। সেয়েহে কোভিডে যাতে কোনো কাৰণতে প্ৰতিযোগিতাখনলৈ পুনৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি