পুনৰ বিতর্কত কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়, ছাত্ৰক নিৰ্মম প্ৰহাৰ…

পুনৰ বিতর্কত কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়, ছাত্ৰক নিৰ্মম প্ৰহাৰ…

ডিজিটেল সংবাদ, চিৰাং,: চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ ৰঞ্চাইধাম স্থিত জৱাহৰ নৱোদয় বিদ্যালয়, (কোকৰাঝাৰ) পুনৰ বিতৰ্কত । অস্বাস্থ্যকৰ খাদ্য পৰিৱেশন কৰাৰ বিতর্ক মাৰ নোযাওঁতেই জেষ্ঠ্য ছাত্ৰৰ দ্বাৰা কণিষ্ঠ ছাত্ৰক নিৰ্দয় ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ ৰঞ্চাইধাম স্থিত জৱাহৰ নবোদয় বিদ্যালয় (কোকৰাঝাৰ) ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰক বিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ দুজন ছাত্ৰই ক্ৰিকেট ষ্টাম্পেৰে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

জ্যেষ্ঠ ছাত্ৰ দুজনৰ নিৰ্দয় প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰগৰাকী সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । পৰিয়ালৰ লোকৰ মতে কাজিয়াৰ সুত্ৰপাত হৈছিল বিগত ৰমজান মাহতে ।ৰমজান মাহত চেহেৰী খাবলৈ বাধা দিয়াৰ পিচতো চেহেৰী খাই ৰমজানৰ ৰোজা পালন কৰা ছাত্ৰজন ঈদৰ বন্ধত ঘৰলৈ আহে ।

১১ মে পুনৰ বিদ্যালয়লৈ যোৱাত সেই নিশাই ৯.৩০ বজাত উচ্চতৰ দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰই অইন কোঠাত মাতি লয় ছাত্ৰজনক ক্ৰিকেটৰ ষ্টাম্পেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰে । এই ঘটনা যদি পৰিয়াল নাইবা বিদ্যালয়ৰ শিক্ষকক অৱগত কৰা হয় প্ৰাণে মৰাৰো ভাবুকি পৰ্যন্ত দিয়ে ছাত্ৰ দুজনে ।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত জৱাহৰ নৱোদয় বিদ্যালয় কতৃপক্ষই কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । শনিবাৰে নিশা এই ঘটনা পোহৰলৈ অহাৰ পিছত পৰিয়ালৰ লোকে দেওবাৰে বাসুগাঁও থানাত গোচৰ ৰুজু কৰিব বুলি জনায় । বৰ্তমান আঘাতপ্ৰাপ্ত ছাত্ৰজন বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয় চিকিৎসাধীন হৈ আছে । ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলা আমছুয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে উচিত তদন্ত দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in