‘ধৰমজীয়ে কেতিয়াও নিজকে জহাই থকা নাছিল’

‘ধৰমজীয়ে কেতিয়াও নিজকে জহাই থকা নাছিল’
Published on
Updated on

ডিজিটেল ডেস্ক: বলীউডৰ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰক ইংৰাজী শিকাইছিল যশস্বী অভিনেত্ৰী জিনাত আমানে। ছ’চিয়েল মেডিয়াযোগে অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা ৰাজহুৱা কৰিছে। ‘শ্বালিমাৰ’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁৰ প্ৰিয় সহ-অভিনেতা ধৰ্মেন্দ্ৰক তেওঁ ইংৰাজী শিকাইছিল। জিনাতে ধৰ্মেন্দ্ৰৰ সৈতে এখন পুৰণি ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি এই বিষয়ে অনুৰাগীক জানিবলৈ দিছে।

ছ'চিয়েল মেডিয়াত আত্মপ্ৰকাশ কৰাৰ পিছত জিনাত আমান খুবেই সক্ৰিয়। ইনষ্টাগ্ৰামত তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত ধেমেলীয়া কাহিনীবোৰ প্ৰায়ে শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ তেওঁকিছুমান ফটো শ্বেয়াৰ কৰি 'শ্বালিমাৰ' ছবিখনৰ স্মৃতি সতেজ কৰি তুলিছে।ফটোৰ  শিৰোনামত তেওঁ লেখিছে, ‘কিছুমান ব্যক্তিগত মতামত, দুখন পুৰণি ফটো আৰু এক উপাখ্যান। মোৰ প্ৰিয় ধৰমজীকে ধৰি বহুতো অভিনেতাৰ সৈতে সহ-অভিনয় কৰাৰ মই সৌভাগ্য লাভ কৰিছিলো। তেওঁ অত্যন্ত সুন্দৰ আছিল।তাততৈ অধিক গুৰুত্বপূৰ্ণ যে তেওঁ পৃথিৱীলৈ এজন মহান তথা ভদ্ৰলোকো আছিল।’

জিনাত আমানে ধৰ্মেন্দ্ৰৰ সৈতে 'শ্বালিমাৰ' ছবিখনত একেলগে অভিনয়  কৰিছিল।অভিনেত্ৰীগৰাকীয়ে লগতে লেখিছে, ‘ধৰ্মেন্দ্ৰজীয়ে কেতিয়াও নিজকে জহাই থকা নাছিল, যাৰ বাবে ছেটত তেওঁৰ লগত থাকি মোৰ খুব ভাল লাগিছিল। মই ধৰমজীৰ সৈতে বহুতো ছবিত কাম কৰিছো, যাৰ ভিতৰত এখন অন্যতম হৈছে 'শ্বালিমাৰ'। যদি আপোনাৰ মনত আছে, এই ছবিখন ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে দৃশ্যগ্ৰহণ কৰা হৈছিল। ধৰমজীক ইংৰাজীত সহায়ৰ প্ৰয়োজন আছিল আৰু মোক হিন্দীত সহায়ৰ প্ৰয়োজন আছিল। গতিকে দৃশ্যগ্ৰহণৰ পিছত প্ৰতিদিনে আমি ইজনে সিজনৰ শিক্ষক হৈ পৰিছিলো।তেওঁক মই ইংৰাজী শিকাইছো আৰু তেওঁ মোক হিন্দী শিকাইছিল।’

‘ধৰমজীয়ে কেতিয়াও নিজকে জহাই থকা নাছিল’
মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in