অস্কাৰ বিজেতা ইউলিয়াম হাৰ্টৰ মৃত্যু…

অস্কাৰ বিজেতা ইউলিয়াম হাৰ্টৰ মৃত্যু…

author-image
asomiyapratidin
New Update
অস্কাৰ বিজেতা ইউলিয়াম হাৰ্টৰ মৃত্যু…

ডিজিটেল ডেস্ক: অস্কাৰ বিজেতা আমেৰিকান অভিনেতা উইলিয়াম হাৰ্টৰ মৃত্যু। ৭১ বছৰ বয়সত মৃত্যুক সাৱতি লয় অভিনেতা গৰাকীয়ে। কেইবাখনো ছবিত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছিল ইউলিয়ামে।

অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ পুত্ৰই কয় যে পিতৃৰ মৃত্যুত অতি দুখিত তেওঁ। জন্মদিনৰ প্ৰায় ১ সপ্তাহ পূৰ্বেই ১৩ মাৰ্চ ২০২২ ত ইহলীলা সম্বৰণ কৰে উইলিয়াম হাৰ্টে।পুত্ৰই জনোৱা অনুসৰি প্ৰাকৃতিক কাৰণতে মৃত্যু হয় তেওঁৰ। উল্লেখ্য যে, ২০১৮ চনত অভিনেতা গৰাকী কৰ্কট ৰোগটো আক্ৰান্ত হৈছিল।কিন্তু পুত্ৰই জনোৱা অনুসৰি মৃত্যুৰ কাৰণ এয়া নহয়।

ইউলিয়াম হাৰ্টে কেইবাখনো জনপ্ৰিয় ছবিত কাম কৰিছে। তাৰ ভিতৰত গৰ্কি পাৰ্ক,আন্টিল দা এণ্ড এফ দা ৱাৰ্ল্ড, এ হিষ্ট্ৰি অফ ভায়োলেঞ্চ আদি। অভিনেতা গৰাকীয়ে ১৯৮৫ চনত কিচ অফ দা স্পাইডাৰ ৱমেন ছবিৰ বাবে অস্কাৰ লাভ কৰিছিল।

actor wiliam hurt oscar winning