মই লজ্জিত, মই ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

মই লজ্জিত, মই ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

author-image
asomiyapratidin
New Update
মই লজ্জিত, মই ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

ডিজিটেল ডেস্ক: এইবাৰ অনুষ্ঠিত হোৱা 'অস্কাৰ ২০২২' এক বিশষ কাৰণত চৰ্চাত আছে।অনুষ্ঠান চলি থকাৰ মাজতেই অভিনেতা উইল স্মিথে চৰিয়াইছিল কমেডিয়ান ক্ৰিছ ৰকক।  কমেডিয়ান গৰাকীয়ে স্মিথৰ পত্নীক লৈ কৰা মন্তব্যৰ বাবেই এই কাণ্ড কৰে স্মিথে।

Advertisment

লগে লগে সমগ্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ'। বহুতেই ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতেই নিজৰ দোষ স্বীকাৰ কৰে স্মীথে।

স্মীথে কয় অনুষ্ঠানত কৰা "মোৰ কাৰ্য স্বীকাৰ কৰিব নোৱাৰি আৰু তাৰ বাবে কোনো ধৰণৰ অজুহাত নিদিও। মোৰ মতে স্ফুৰ্তি আমাৰ কামৰে এটা অংশ। কিন্তু মোৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় মন্তব্য কৰাত মই নিজকে ৰখাব নোৱাৰিলো আৰু ভাৱনাত দগ্ধ হৈ প্ৰতিক্ৰিয়া কৰিলো। মই ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিছো ক্ৰিছ। মই সীমা অতিক্ৰম কৰি পেলাইছিলো আৰু সেয়া ভুল আছিল।মই লজ্জিত মই তেনে মানুহ নহয় যি মই কৰিলো। মৰম আৰু দয়াৰে ভৰা এই পৃথিৱীত হিংসাৰ কোনো ঠাই নাই"।