যি হ’ল সকলো আমাৰ ভুল, এতিয়া দৃষ্টি সলনি কৰাৰ সময়ঃ সমকামী সকলৰ সম্পৰ্কত অক্ষম কুমাৰ…

যি হ’ল সকলো আমাৰ ভুল, এতিয়া দৃষ্টি সলনি কৰাৰ সময়ঃ সমকামী সকলৰ সম্পৰ্কত অক্ষম কুমাৰ…

author-image
asomiyapratidin
New Update
যি হ’ল সকলো আমাৰ ভুল, এতিয়া দৃষ্টি সলনি কৰাৰ সময়ঃ সমকামী সকলৰ সম্পৰ্কত অক্ষম কুমাৰ…

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ চিনেমা 'লক্ষ্মী' দিৱালীৰ দিনাই ৰিলিজ হ'ব। চিনেমাখনৰ ট্ৰেইলৰ ৰিলিজ হোৱাৰ দিনাই বৃহৎ চৰ্চা লাভ কৰিছে। চিনেমাখনত তেওঁ এটা সমকামী চৰিত্ৰত অভিনয় কৰিছে। আৰু সেই সম্পৰ্কীয় এটা ভিডিঅ' খুব ভাইৰেল হৈছে। ভিডিঅ'টোত অক্ষম কুমাৰ সমকামী সম্পৰ্কত এতিয়ালৈকে যি হল, সেয়া আমাৰ ভুল বুলি মন্তব্য কৰে। এতিয়া আমাৰ দৃষ্টি সলনি কৰাৰ সময় সমাগত বুলি মন্তব্য অভিনেতাজনৰ।

Advertisment

সমকামী সকলে পৃথিৱীক সুখী কৰিবলৈ সকলো দুখ নিজৰ লগতে সাঁচি ৰাখে আৰু এতিয়া সেই সুখ তেওঁলোকক ঘূৰাই দিয়াৰ সময় বুলিও মন্তব্য কৰে অভিনেতাজনে।তেওঁ লগতে কয় তেওঁলোকৰ সুখত আনন্দ কৰাৰ সময় এতিয়া আমাৰ।

যি বৈষম্য বোজা সমকামী সকলে শৈশৱৰ পৰা লালন কৰিলে সেই সমতাৰ অধিকাৰ তেওঁলোকক ঘূৰাই দিয়াৰ সময় বুলিও মন্তব্য কৰে অক্ষয় কুমাৰে।