চকু মুদি শুনক তেঁওৰ কন্ঠ, সাইলাখ লতা মংগেশকাৰ, চাওক VIDEO…

চকু মুদি শুনক তেঁওৰ কন্ঠ, সাইলাখ লতা মংগেশকাৰ, চাওক VIDEO…

author-image
asomiyapratidin
New Update
চকু মুদি শুনক তেঁওৰ কন্ঠ,  সাইলাখ লতা মংগেশকাৰ, চাওক VIDEO…

ডিজিটেল ডেস্কঃ সাইলাখ লতা মংগেশকাৰ, কিছু সময়ৰ বাবে চকু মুদি যদি তেওৰ কন্ঠ শুনে তেন্তে আপুনি কোনো পাৰ্থক্য বিচাৰি নাপাব। বিশিষ্ট শিল্পী লতা মংগেশকাৰৰ দৰে গীত গোৱাতো কোনো নতুন কথা নহয়। বিভিন্ন সময়ত টেলিভিছনৰ পৰ্দাত প্ৰায়ে লতা মংগেশকাৰৰ দৰে একে কন্ঠৰ বহু শিল্পীয়ে গীত পৰিৱেশন কৰা দেখা যায়। কিন্তু এইবোৰতকৈ এই ঘটনা ব্যতিক্ৰম, লতা মংগেশকাৰৰ দৰে গীত গাই এইবাৰ চৰ্চালৈ আহিছে ৰেলৱে ষ্টেচনত বাস কৰা এগৰাকী মহিলা।

ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত অইন ১০ জন লোক দৰেই সাধাৰণ জীৱন যাপন কৰা এই মহিলা গৰাকী পশ্চিম বংগৰ। ফেচবুকৰ জৰিয়তে বিগত কেইটামান দিনৰ ভিতৰতে অতিকৈ জনপ্ৰিয় হৈ পৰিছে মহিলা গৰাকী। এজন লোক পশ্চিম বংগৰ এটা ৰেলৱে ষ্টেচনৰ পৰা ফেচবুক লাইভ যোগে প্ৰচাৰ কৰিছিল মহিলাগৰাকীৰ কন্ঠত লতা মংগেশকাৰ আৰু মুকেশে গোৱা "এক প্যাৰ কা নগমা হেঁ" শীৰ্ষক গীতটি। ইয়াৰ পাছতে এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে এই মহিলাগৰাকী। ইতিমধ্যে ৭ মিলিয়নৰো অধিক বাৰ দৰ্শকে চাইছে এই ভিডিঅটি।