/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/418207-lead.jpg)
ডিজিটেল ডেস্কঃ চলিত মাহৰ ৮ তাৰিখে পাকিস্তানৰ কাৰাচীত সংগীতানু্ষ্ঠান পৰিবেশন কৰি শলঠেকত পৰা কন্ঠশিল্পী মিকা সিংক লৈ ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ হৈছে বিৰ্তকৰ। দৰাচলতে ভাৰত-পাকৰ আটাৰী সীমান্তত উপস্থিত হৈ মিকা সিঙে নিজৰ ইষ্টাগ্ৰামত এটা ভিডিঅ শ্বেয়াৰ কৰাৰ পাছতে সূত্ৰপাত হৈছে এই নতুন বিৰ্তকৰ।
ভিডিঅটোত দেখা গৈছে যে আটাৰী সীমান্তত উপস্থিত হৈ মিকা সিঙে চিঞৰি চিঞৰি দিছে ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম শ্লোগান। সেই সময়ত তাত উপস্থিত থকা সকলো লোকে তেওক আগবঢ়ালে সহযোগিতা। ইয়াৰ পাছতে এই ভিডিঅটো মিকা সিঙে নিজৰ ইষ্টাগ্ৰামত এটা ভিডিঅ শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰাৰ লগে লগে বিভিন্ন লোকে মিকাক ট্ৰল কৰি কলে- ভাই পাকিস্তানৰ পৰা উভতি আহিল নেকি?
চাওক এই ভিডিঅটো-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us