/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/War-Review_Horizontal-image-with-no-text_-759-x-597_75.jpg)
ডিজিটেল ডেস্কঃ বক্স অফিচত হোৰা হোৰে বাঢ়িছে হৃতিক-টাইগাৰৰ ছবি ৱাৰৰ উপাৰ্জন। মুক্তিৰ ১১ টা দিনৰ অন্তত ছবিখনে পাৰ কৰিছে ২৫০ কোটিৰ দেওনা। এই উপাৰ্জনৰ লগে লগে হিন্দী ছবি উৰিক চেৰ পেলাই ২০১৯ৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে ৱাৰ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি ছবিখনে ১১ টা দিনৰ অন্তত উপাৰ্জন কৰিছে প্ৰায় ২৫৭.৭৫ কোটি টকা। যোৱা শনিবাৰে ছবিখনে উপাৰ্জন কৰিছিল ১১.২০ কোটি টকা। উল্লেখ্য যে উৰি ছবিখনৰ বক্স অফিচত কালেকশ্বন আছিল ২৪৪ কোটি টকা।