ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ…

ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ…

author-image
asomiyapratidin
New Update
ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ…

ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাই হৈছে তাৰকা এজনৰ প্ৰথম সফলতা। বৰ্তমানৰ ডিজিটেল সময়ত ছ'চিয়েল মিডিয়াত এজন তাৰকা কিমান জনপ্ৰিয় সেয়া নিৰ্ভৰ কৰে তাৰকাগৰাকীৰ অনুৰাগীৰ সংখ্যাৰ ওপৰত। সেইবাবেই বৰ্তমান সময়ত বহু তাৰকাই ছ'চিয়েল মিডিয়াত অধিক সময় কটোৱাও পৰিলক্ষিত হয়।

Advertisment

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী হৈছে প্ৰথমগৰাকী ভাৰতীয়, যাৰ ফল'ৱাৰ্ছৰ সংখ্যাই ইনষ্টাগ্ৰামত ৫০ মিলিয়নৰ ঘৰ স্পৰ্শ কৰিছে। ২০২০ বৰ্ষত বিৰাট কোহলীৰ অনুৰাগীৰ সংখ্যা ২০১৯ বৰ্ষতকৈ প্ৰায় ১৪ মিলিয়ন বৃদ্ধি পাইছে। ২০১৯ চনৰ শেষাৰ্ধত কোহলীৰ ইনষ্টাগ্ৰামৰ ফল'ৱাৰ্ছৰ সংখ্যা আছিল ৩৬ মিলিয়ন। কিন্তু বৰ্তমান কোহলীৰ ফল'ৱাৰ্ছৰ সংখ্যা হৈছে ৫০ মিলিয়ন। শেহতীয়াকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ টি২০ শৃংখলাত কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫-০ৰ ব্যৱধানত জয় লাভ কৰাৰ পিছতে কোহলীৰ ফল'ৱাৰ্ছৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে নিউজিলেণ্ডৰ মাটিত অনুষ্ঠিত এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ হাতত ৩-০ৰ ব্যৱধানত পৰাস্ত হৈছিল কোহলী বাহিনী।

ইনষ্টাগ্ৰামত অধিক ফল'ৱাৰ্ছ থকা ভাৰতীয়ৰ তালিকাত কোহলীৰ পিছতে আছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নাম। প্ৰিয়ংকাৰ ইনষ্টাগ্ৰামৰ ফল'ৱাৰ্ছৰ সংখ্যা ৪৯.৯ মিলিয়ন। তাৰ বিপৰীতে আন এগৰাকী অভিনেত্ৰী দিপীকা পাডুকনৰ ইনষ্টাগ্ৰামত আছে ৪৪.১ মিলিয়ন ফল'ৱাৰ্ছ। ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইনষ্টাগ্ৰামত ফল'ৱাৰ্ছ আছে ৩৪.৫ মিলিয়ন।

বিশ্বৰ ভিতৰত ইনষ্টাগ্ৰামত সৰ্বাধিক জনপ্ৰিয় তাৰকা গৰাকী হৈছে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ১৫০ মিলিয়ন ফল'ৱাৰ্ছৰে সৰ্বাধিক জনপ্ৰিয় তাৰকাৰ শীৰ্ষত আছে ৰোনাল্ডো। তাৰ পিছতে আছে আমেৰিকান চিংগাৰ ছেলেনা গোমজ। ছেলেনাৰ ইনষ্টাগ্ৰামত ফল'ৱাৰ্ছৰ সংখ্যা ১৪৪ মিলিয়ন। আনাহাতে আন এগৰাকী আমেৰিকান চিংগাৰ আৰিয়ানা গ্ৰেণ্ডিৰ আছে ১৪২ মিলিয়ন ফল'ৱাৰ্ছ ইনষ্টাগ্ৰামত।