মূৰত আঘাত পালে সহজভাৱে নল'ব, অন্যথা ভূগিব পাৰে গুৰুতৰ ৰোগত

ব্যতিক্ৰমী ব্যক্তিত্বৰে অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰা অভিনেতা-মডেল বৰুন সুদ এতিয়া অসুস্থ। হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।এই বিষয়ে ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক নিজেই জনালে অভিনেতাজনে।

author-image
Asomiya Pratidin
New Update
মূৰত আঘাত পালে সহজভাৱে নল'ব, অন্যথা ভূগিব পাৰে গুৰুতৰ ৰোগত

ডিজিটেল ডেস্ক:  ব্যতিক্ৰমী ব্যক্তিত্বৰে অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰা অভিনেতা-মডেল বৰুন সুদ এতিয়া অসুস্থ। হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।এই বিষয়ে ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক নিজেই জনালে অভিনেতাজনে।

Advertisment

বৰুন Concussion নামৰ ৰোগটোত আক্ৰান্ত । বহুতেই হয়তো এই ৰোগৰ বিষয়ে জ্ঞাত নহয়। ই এক মগজু সম্পৰ্কীয় ৰোগ। এই ৰোগত আক্ৰান্ত হ'লে মগজুয়ে সঠিকভাৱে কাম কৰিব নোৱাৰে।ৰোগীৰ মনত ৰখা শক্তি হ্ৰাস পায়। সেয়েহে, সময়মতে ইয়াৰ চিকিৎসা কৰাটো খুবেই জৰুৰী।অভিনেতাজনক এতিয়া চিকিৎসকে পৰ্দাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।এই বিষয়ে বৰুণে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰাৰ পাছতে অগনন অনুৰাগীয়ে তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে।

Concussion ৰোগৰ কাৰণ 

বিশেষকৈ মগজুত আঘাত পালে এই ৰোগ হয়। কেতিয়াবা মগজুৰ আঘাতৰ বাবে মূৰটো ঘূৰাবলৈ আৰম্ভ কৰে। ই ৰক্তনলীবোৰত আঘাত কৰে। ইয়াৰ ফলত দৃষ্টিশক্তি হ্ৰাস, ভাৰসাম্য হেৰুওৱা বা মূৰ্চ্ছা যোৱা আদিৰ দৰে অঘটন আপোনাৰ সৈতে ঘটিব পাৰে।

Concussion লক্ষণ

-ওকালি অহা আৰু বমি হোৱা 

-মূৰৰ বিষ 

- ভালকৈ খোজ কাঢ়িব নোৱাৰা

- কামত মনোযোগ দিব নোৱাৰা 

- শৰীৰৰ ভাৰসাম্য হেৰুওৱা

- স্মৃতিশক্তি হ্ৰাস 

- প্ৰচুৰ টোপনি

সেয়েহে, যদি আপুনিও আপোনাৰ শৰীৰত এনেবোৰ লক্ষণ দেখা পায়, পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Also Read: মূৰৰ বিষৰ কাৰণ জানি লৈ সাৱধান হওঁক