উত্তৰ প্ৰদেশৰ ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ শিল্পী দল

উত্তৰ প্ৰদেশৰ ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ শিল্পী দল

author-image
asomiyapratidin
New Update
উত্তৰ প্ৰদেশৰ ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ শিল্পী দল

ডিজিটেল সংবাদ, ওদালগুৰিঃ উত্তৰ প্ৰদেশৰ বৃন্দাবনত বিগত ১৯ তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট আৰু নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ দোৱামাখাৰ কৃষ্টি দল। ড৹ অৰুণীমা বৰুৱাৰ নেতৃত্বত এই উৎসৱত অংশগ্ৰহণ কৰা ওদালগুৰিৰ এই শিল্পী দলটোৱে ৰাভা লোকনৃত্য পৰিৱেশন কৰি দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।

ইয়াৰোপৰি দলটোৱে শ্ৰেষ্ঠ শৃংখলিত দল হিচাপে পুৰষ্কাৰ বুটলিবলৈ সক্ষম হয়। আনহাতে অসমৰ বিশিষ্ট নাট্যকৰ্মী দিপাংকৰ ৰাভাক উক্ত অনুষ্ঠানতে হৰিবংশ ৰাষ্ট্ৰীয় বটাঁৰে সন্মানিত কৰা হয়। ওদালগুৰি দোৱামখা কৃষ্টি সংঘৰ সাংস্কৃতিক দলে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সাফল্য‌ই দোৱামখাৰ লগতে ওদালগুৰিবাসীকো আনন্দিত কৰে।