/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/405392-402400-kabir-singh.jpg)
ডিজিটেল ডেস্কঃ শ্বাহিদ কাপুৰ অভিনীত ছবি কবিৰ সিঙৰ জুই নুমুৱা নাই নিৰ্বাপন হোৱা নাই বক্স অফিচত। মুক্তিৰ ২১ দিনৰ পিছতো ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ১১ জুলাইতো ছবিখনে উপাৰ্জন কৰিছে ৩.৩২ কোটি টকা।
এই হিচাপ অনুসৰি ছবিখনে মুক্তিৰ ২১ দিনৰ অন্তত উপাৰ্জন কৰিছে ২৪৯.৬০ কোটি টকা। ছবি সমীক্ষকৰ মতে এনেকৈ চলিলে শুকুৰবাৰে ছবিখনে ২৫০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব। উল্লেখ্য যে, বৰ্তমানৰ লৈকে ২০১৯ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ৫ খন ছবিৰ ভিতৰত প্ৰথমস্থানত আছে কবিৰ সিং।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us