ছ’চিয়েল মিডিয়াত অভিনেতা টাইগাৰ শ্ৰফৰ ভাইৰেল ভিডিঅ’…

ছ’চিয়েল মিডিয়াত অভিনেতা টাইগাৰ শ্ৰফৰ ভাইৰেল ভিডিঅ’…

author-image
asomiyapratidin
New Update
ছ’চিয়েল মিডিয়াত অভিনেতা টাইগাৰ শ্ৰফৰ ভাইৰেল ভিডিঅ’…

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা তথা যুৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ এটা নতুন ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিনেতাগৰাকীৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ভিডিঅ'টোত টাইগাৰ শ্ৰফে কৰা ষ্টান্ট দেখি বহু লোক আচৰিত হৈ পৰিছে। আৰু অনুৰাগীসকলৰ লগতে বলিউডৰো বহু কেইগৰাকী তাৰকাই কমেন্ট কৰিছে।

Advertisment

উল্লেখ্য যে, টাইগাৰ শ্ৰফৰ এই ভিডিঅ'টো প্ৰায় ২০লাখৰো অধিক চোৱাহৈছে। ছ'চিয়েল মিডিয়াত প্ৰায়ে  নৃত্য আৰু একচনৰভিডিঅ' শ্বেয়াৰ কৰি থকা টাইগাৰৰ অন্তিমখন ছবি আছিল 'ৱাৰ'। আৰু এই ছবিখনত তেওঁৰঅভিনয় তথা ষ্টান্টে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল। বৰ্তমান অভিনেতাগৰাকীব্যস্ত তেওঁৰ আগন্তুক ছবি 'বাঘি-৩'ৰ কামত। আৰু এই ছবিখন চাবলৈও দৰ্শকে অতি আশাৰেবাট চাই আছে।