কাঁ Marché du চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত পাৰ্থ সাৰথি মহন্তৰ চুটি ছবি “অনসুনী চিঁখে”

পাৰ্থসাৰথি মহন্তৰ পৰিচালনাৰে নিৰ্মিত 'অনসুনী চিঁখে' অসমীয়া চুটি ছবিখন Cannes Film Festival-ৰ লগত সন্মিলিতভাৱে অনুষ্ঠিত Marché du Film-ৰ অনলাইন ছেগমেণ্টত প্ৰদৰ্শিত হৈছে।

author-image
Asomiya Pratidin
New Update
কাঁ Marché du চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত পাৰ্থ সাৰথি মহন্তৰ চুটি ছবি “অনসুনী চিঁখে”

ডিজিটেল ডেস্কঃ ড° পাৰ্থসাৰথি মহন্তৰ পৰিচালনাত নিৰ্মিত 'অনসুনী চিঁখে' শীৰ্ষক অসমীয়া চুটি ছবিখনে বিশ্ববিখ্যাত Cannes Film Festival-ৰ লগত সন্মিলিতভাৱে অনুষ্ঠিত Marché du Film-ৰ অনলাইন ছেগমেণ্টত প্ৰদৰ্শিত হোৱাৰ পাছত বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। ছবিখনে এক শক্তিশালী সামাজিক বাৰ্তা বহন কৰিছে। 

Advertisment

শিল্পসৌন্দৰ্য, বাস্তৱধৰ্মিতা আদিৰ বাবে ছবিখনে ব্যাপক প্রশংসা বুটলিবলৈও সক্ষম হৈছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ জীৱনৰ প্ৰত্যাহ্বানমূলক অথচ কষ্টকৰ এক শক্তিশালী জীৱন যাত্ৰা চিত্ৰায়িত কৰা হৈছে। 

জন্মৰ পৰা প্ৰাপ্ত বয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্ৰকৃত  ছবিখন প্ৰতিফলিত কৰা হৈছে। ছবিখনত মহিলা ধৰ্মীয়ভাৱে পূজিত হোৱাৰ বিপৰীতে তেওঁলোক কিদৰে সামাজিক নিৰ্যাতন আৰু বৈষম্যৰ সন্মুখীন হয়, সেই বিভ্ৰান্তিকৰ বাস্তৱতা স্পষ্টকৈ দেখুওৱা হৈছে।

ছবিখনৰ কাহিনীয়ে কন্যাভ্ৰূণ হত্যাৰ দৰে ভয়ংকৰ বাস্তৱতাৰ পৰা আৰম্ভ কৰি, বাল্য বিবাহ, স্বাধীনতাৰ অভাৱ, বিবাহৰ পিছত স্বামীক "দেৱতা" ৰূপে পূজা কৰাৰ সামাজিক বাধ্যবাধকতা, আদিৰ লগতে মানসিক, শাৰীৰিক আৰু আত্মিক যন্ত্ৰণাসমূহ স্পষ্টকৈ উপস্থাপন কৰিছে। "অনসুনী চিঁখে " কেৱল মাত্ৰ পীড়িতৰ কাহিনী নহয়। 

ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰই তেওঁৰ নিঃশব্দ কণ্ঠক ‘শক্তি’ৰ ৰূপত পৰিগণিত কৰি সমাজৰ বিৰুদ্ধে আপোচহীন কণ্ঠ হিচাপে দাঙি ধৰিছে। ছবিখনৰ পৰিচালক ড॰ পাৰ্থসাৰথি মহন্ত, বৰ্তমান অসম আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে কৰ্মৰত যদিও সমাজত হৈ থকা লিংগ বৈষম্য আৰু ন্যায়-অন্যায়ৰ বিষয়সমূহ তেওঁ গভীৰভাৱে অধ্যয়ন কৰি আহিছে। 

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে তেওঁৰ পেচাগত অভিজ্ঞতা আৰু সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধতাক এই ছবিখনৰ জৰিয়তে এক নতুন দৃষ্টিৰে দাঙি ধৰা হৈছে। ড॰ মহন্তৰ মতে,  ছবিখন হৈছে শতিকাজুৰি সামাজিক বোজাৰ তলত সোমাই থকা মহিলাৰ কণ্ঠৰ প্ৰতি এটি বিনম্ৰ সন্মান। ছবিখনৰ জৰিয়তে মহিলাই সমাজত নীৰৱতা ভংগ কৰাৰ লগতে সকলো মহিলাই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

' কাঁ ' প্ৰদৰ্শনৰ আগতেই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎৱসমূহত সন্মান বুটলিবলৈ সক্ষম হৈছে। ২০২৫ চনৰ ১৭ সংখ্যক জয়পুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (JIFF)-ত ছবিখনে শ্ৰেষ্ঠ পৰিচালক (ড॰ পাৰ্থসাৰথি মহন্ত) আৰু শ্ৰেষ্ঠ অভিনেত্ৰী (সীমা বিশ্বাস) ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে চিনেমাখন মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ দ্বাৰা প্ৰযোজিত।


এই মহোৎসৱত ৮৮খন দেশৰ পৰা প্ৰায় ২,৪০৮খন চিনেমা প্ৰদৰ্শিত হৈছিল। Marché du Film-ত ছবিখনৰ অন্তৰ্ভুক্তি অসমৰ চিনেমা জগতৰ বাবে এটি গৌৰৱৰ বিষয়। যি সময়ত ভাৰতৰ আঞ্চলিক চিনেমাই বিশ্ব পৰিসৰত প্ৰভাৱ পেলাইছে, তেনে সময়ত এই ছবিখনেও প্ৰতিপন্ন কৰিছে যে স্থানীয় ভাষা আৰু সংস্কৃতিৰ আধাৰত ৰচিত গল্পইও বিশ্বজনীন প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

কাঁ মহোৎসৱত প্ৰদৰ্শনৰ পিছত ছবিখনক দেশ-বিদেশৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ বাবে ডিজিটেল বিতৰণৰ ক্ষেত্ৰত আলোচনা অব্যাহত আছে। লগতে, শৈক্ষিক প্ৰতিষ্ঠান, লিংগ সমতা ফৰাম আদিতো ছবিখন প্ৰদৰ্শনৰ জৰিয়তে সচেতনতাৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনাও কৰা হৈছে। 

চলচ্চিত্ৰ মহোৎসৱ পাৰ্থ সাৰথি মহন্ত