/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/google-let-users-play-with-thanos-destructive-power.jpg)
ডিজিটেল ডেস্কঃ মাৰ্ৱেল ষ্টুডিঅ'ৰ ছুপাৰহীট ছবি 'এভেঞ্জাৰ্ছ'ৰ নতুন সংস্কৰণ 'এভেঞ্জাৰ্ছঃ এণ্ডগেম' শুকুৰবাৰে ভাৰতৰ ছবিগৃহসমূহত মুক্তি পায়। ছবিখনৰ সংস্কৰণ দৰ্শকে ইমানেই ভাল পাইছে যে এই ছবিখনৰ টিকট বহু দিন পূৰ্বেই বুকিং কৰিছিল বহুজনে। কিন্তু আপুনি যদি টিকট বুক কৰিব পৰা নাই তেন্তে দুখ কৰিব লগীয়া একো নাই। কাৰণ গুগ'লেও ছুপাৰভিলেইন (খলনায়ক) 'থেন'ছ'ৰ শক্তিৰ পৰা প্ৰভাৱান্বিত হৈছে। থেনছৰ শক্তিৰ প্ৰদৰ্শন কেৱল ছবিগৃহতেই এতিয়া সীমাৱদ্ধ হৈ থকা নাই।
গুগ'লৰ 'ছাৰ্চ পেজ'তো থেনছৰ প্ৰভাৱ পৰা দেখা গৈছে। 'এভেঞ্জাৰ্ছঃ এণ্ডগেম' ছবিখনত থেনছে পৰিধান কৰা হাতমুজাত ক্লিক কৰি লাভ কৰিব পাৰিব ছুপাৰ পাৱাৰ। ইফালে, ভাৰতত এই ছবিখনক লৈ দর্শক ইমানেই উৎসাহী যে দেশৰ অধিকাংশ ছবিগৃহতেই ২৪x৭ এই ছবিখন চাব পাৰিব দৰ্শকে। আপুনি আপোনাৰ ম'বাইল বা কম্পিউটাৰত গুগ'লৰ ছাৰ্চ পেজত 'THANOS' লিখি ছাৰ্চ কৰক। তাৰপাছত ৰিজাল্ট পেজৰ সোঁফালে থেনছৰ হাতখন দেখা পাব। সেই হাতখনত ক্লিল কৰাৰ পাছতেই টিলিকি বজোৱাৰ শব্দ শুনা পাব আৰু ৰিজাল্ট পেজৰ প্ৰায়বোৰ তথ্য অন্তৰ্ধ্যান হৈ যাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/5c0ccc39-f8f0-4b59-bfb4-d0a959c60ec4.jpg)
তদুপৰি তথ্যসমূহ অন্তৰ্ধ্যান হোৱাৰ পাছত পেজটোৰ ওপৰত পূৰ্বতে লিখা থকা 'About 10,10,00,000 results (0.45 seconds)'ৰ পৰিৱৰ্তে 'About 50,500,000 results (0.45 seconds)' হৈ যাব। অৰ্থাৎ এবাউটৰ ৫০ শতাংশ ৰিজাল্ট নোহোৱা হৈ যাব।
উল্লেখ্য যে, পূৰ্বৰ 'এভেঞ্জাৰ্ছঃ ইনফিনিটী ৱাৰ' ছবিখনত থেনছৰ শক্তিয়ে আছিল যে এই হাতমুজা পৰিধান কৰাৰ পাছত ছবিখনত থকা ৫০ শতাংশ ছুপাৰ হিৰ' অন্তৰ্ধ্যান হৈ যায়। আৰু এই থেনছৰ এই শক্তিকেই প্ৰদৰ্শন কৰা হৈছে গুগ'লত। শুকুৰবাৰে মুক্তি লাভ কৰা ছবিখনে প্ৰথমটো দিনতেই উপাৰ্জন কৰে ৫০ কোটি টকাৰো অধিক। ইফালে, চীনত সৰ্বাধিক এদিনত ছবিখনে উপাৰ্জন কৰে ৭০০ কোটি টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ূপোলদে-Untitled-4.jpg)
আনহাতে, মাৰ্ৱেলৰ বহু প্ৰত্যাশিত ছবি 'এভেঞ্জাৰ্ছঃ এণ্ডগেম'ৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলে ছবিখন পাইৰেছী নহ'বৰ বাবে চেষ্টা কৰাৰ পাছতো অৱশেষত ইন্টাৰনেটৰ কেইটামান ৱেবছাইটত এই ছবিখন উপলব্ধ হোৱা খবৰ বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কত।
বাতৰিটোত জনোৱা হৈছিল যে, ভেৰাইটী ড'ট কমে বুধবাৰে জাৰি কৰা এক সমীক্ষা অনুসৰি, ফিল্মখনৰ লীক হোৱা কপিটো চীনৰ এটা ছবিগৃহৰ। পাইৰেছী নিউজ ছাইট ট'ৰেন্টফ্ৰীকৰ মতে, চীনৰ কোনো লোকে পেয়াৰ টু পেয়াৰ নেটৱৰ্কৰ জৰিয়তে সন্ধিয়া ৪ৰ পৰা ৫ বজাৰ ভিতৰত এই ছবিখনৰ ১.২ জিবিৰ ফাইল শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল।
উল্লেখ্য যে, ভাৰতত এভেঞ্জাৰ্ছঃ এণ্ডগেম ছবিখন মুক্তিৰ প্ৰথম দিনটোত চাবলৈ প্ৰায় ১০ লাখ দৰ্শকে টিকট বুকিং কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতত কোনো এখন ছবি চাবলৈ ইমান বৃহৎ সংখ্যক লোকে টিকট বুকিং কৰা দেখা পোৱা হোৱা নাছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us