সম্পূৰ্ণ নতুন ৰূপত আহি আছে ভূমি-শ্বেহনাজ-কুশা

ট্ৰেইলাৰ মুকলিৰ পিছতেই সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে এখন বলীউডী ছবি।ছবিখনৰ নাম ‘থেংক ইউ ফৰ কামিং’।হয়, ছ’চিয়েল মেডিয়াকে ধৰি সকলোতে বিশেষ চৰ্চা লাভ কৰা এই ছবিখনত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে ভূমি পেনেকাৰে।

author-image
Asomiya Pratidin
New Update
সম্পূৰ্ণ নতুন ৰূপত আহি আছে ভূমি-শ্বেহনাজ-কুশা

ডিজিটেল ডেস্ক: ট্ৰেইলাৰ মুকলিৰ পিছতেই সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে এখন বলীউডী ছবি।ছবিখনৰ নাম ‘থেংক ইউ ফৰ কামিং’।হয়, ছ’চিয়েল মেডিয়াকে  ধৰি সকলোতে বিশেষ চৰ্চা লাভ কৰা এই ছবিখনত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে ভূমি পেনেকাৰে।

Advertisment

ছবিখনত আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শ্বেহনাজ গিল, ডলী সিং, কুশা কপিলা, শিবানী বেদী, প্ৰধুমান সিং মল, নাতাশা ৰাস্তোগী, গৌতমিক, সুশান্ত দিভগিকাৰ, শালিনী দাইনী, ডলী আহলুৱালিয়া আৰু কৰণ কুন্দ্ৰাই। ট্ৰেইলাৰত ভূমি পেনেকাৰে তেওঁ ৩০ সংখ্যক জন্মদিন উদযাপন কৰাৰ পাছত জীৱনটোত পোৱা-নোপোৱাৰ দুখ, তেওঁৰ ৰোমাঞ্চ তথা বন্ধুবৰ্গৰ সমৰ্থনৰ দিশটোক দেখুওৱা হৈছে। ট্ৰেইলাৰৰ টেগলাইনত উল্লেখ কৰা হৈছে যে, 'ফেয়াৰিটেলছ ঝুথ হে, লাভ ঝুথ হে, অৰ্গেজম ঝুথ হে।' শ্বেহনাজ গিল, ডলী সিং আৰু শিবানী বেদীৰ সৈতে ভূমিৰ হাস্যকৰ বাৰ্তালাপে ছবিখনৰ হাস্যৰসৰ দিশটো ফুটাই তুলিছে।তদুপৰি, ট্ৰেইলাৰত অনিল কাপুৰৰ এক বিশেষ উপস্থিতি দেখা গৈছে, যিয়ে দৰ্শকৰ উৎসুকতা দুগুণে বৃদ্ধি কৰিছে। 

ৰিয়া কাপুৰৰ স্বামী কৰণ বুলানীয়ে পৰিচালনা কৰা ‘থেংক ইউ ফৰ কামিং’ৰ চিত্ৰনাট্য ৰাধিকা আনন্দ আৰু প্ৰশস্তি সিঙৰ। প্ৰযোজনা কৰিছে একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেড আৰু অনিল কাপুৰ ফিল্ম কমিউনিকেশ্বন নেটৱৰ্ক প্ৰাইভেট লিমিটেডে।মুক্তিৰ পূৰ্বেই বহুচৰ্চিত এই ছবিখন ৬ অক্টোবৰত সমগ্ৰ দেশবাসীয়ে ছবিগৃহত উপভোগ কৰিব পাৰিব। উল্লেখ্য যে, এই ছবিখন ‘টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩’ত প্ৰিমিয়াৰৰ বাবে সম্প্ৰতি সাজু হৈছে।

Also Read: অতিথিৰ তালিকাত বহু ভিভিআইপিৰ নাম, ভাইৰেল বিয়াৰ নিমন্ত্ৰণী পত্ৰ