/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/2e92fe35-9b5d-49ef-b9df-181a6bbc9bb9.jpg)
ডিজিটেল সংবাদ, টীয়কঃ জুবিন গাৰ্গৰ সদ্যমুক্তিপ্ৰাপ্ত কথাছবি কাঞ্চনজঙ্ঘাই দৰ্শকৰ বিপুল আদৰ পোৱাৰ পাছত এতিয়া অসমীয়া ছবি উদ্যোগক আৰু অধিক টনকিয়াল কৰিবলৈ ছবিঘৰলৈ অহা ১১ অক্টোবৰত আহিব যতীন বৰাৰ নতুন কথাছবি ৰত্নাকৰ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰত ব্যস্ত হৈ থকা যতীন বৰা, বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী, নৱনীতা শৰ্মা বৰাসহ টীম ৰত্নাকৰৰ পৰিয়াল।
২৫ ছেপ্তেম্বৰত টীম ৰত্মাৰ টীয়কৰ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গনত আবেলি ৩.৩০ বজাত উপস্থিত হবহি টীয়ক চিনে ক্লাৱৰ উদ্যোগত টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ সহযোগত আয়োজন কৰা এক অন্তৰংগ আলাপ অনুষ্ঠানত। বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত টীয়ক চিনে ক্লাৱৰ সভাপতি সৌৰভ বৰা আৰু সম্পাদক ৰন্টু ভূঞাই যথেষ্ট আশাৰে কয়, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দুৰৱস্থাৰ সময়ত বহু সাংস্কৃতিক ব্যক্তিৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত ক্ৰমাত অসমীয়া কথাছবি উদ্যোগটো ঠন ধৰি উঠিছে আৰু অসমীয়া কথাছবি উদ্যোগটো উত্তৰণৰ স্বাৰ্থত টীয়ক চিনে ক্লাৱে টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী পৰিয়ালে এক প্ৰয়াস কৰিছে। প্ৰতিজন টীয়কবাসী ৰাইজে উপস্থিত থাকি উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগক উত্তৰণত সহায়ৰ হাত আগবঢ়াৱাৰ লগতে উপস্থিত থাকিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে উদ্যোক্তাসকলে।