Advertisment

ইতিমধ্যে গোপনে বিবাহ পাশত আবদ্ধ হৈছে এইগৰাকী অভিনেত্ৰীয়ে

তাপসী পান্নু, ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰ বাবে খুব কম দিনতে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী অভিনেত্ৰীয়ে।কেতবোৰ বিষয়ত স্পষ্ট মন্তব্য কৰিও সময়ে সময়ে চৰ্চাত থাকে তাপসী।

author-image
Asomiya Pratidin
New Update
tapsee

ডিজিটেল ডেস্ক: তাপসী পান্নু, ব্যতিক্ৰমী ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰ বাবে খুব কম দিনতে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে।কেতবোৰ বিষয়ত স্পষ্ট মন্তব্য কৰিও সময়ে সময়ে চৰ্চাত থাকে তাপসী।শেহতীয়াকৈও চৰ্চাৰ শীৰ্ষত আছে তাপসীৰ নাম।পিছে এইবাৰ কোনো ছবি অথবা অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিছে তাপসীৰ নাম।

Advertisment

হয়, বিয়াৰ দিন ঠিক হৈছে তাপসীৰ। অৱশ্যে আগন্তুক বৰ্ষত ৰাজহুৱাভাৱেহে তেওঁ বিয়াত বহিব।প্ৰকৃততে, তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোকৰ সৈতে  ২০২৩ চনতে বিবাহপাশত আবদ্ধ হৈছিল। ২০২৩ৰ ডিচেম্বৰত মাথিয়াছৰ সৈতে তেওঁৰ আদালতত বিবাহ হৈছিল। 

বিয়াৰ সন্দৰ্ভত শেহতীয়া এক সাক্ষাৎকাৰত তাপসীসে কয়, আমি আনুষ্ঠানিক ঘোষণা নকৰাৰ বাবে এই বছৰ মোৰ বিয়াৰ বিষয়ে কোনোয়ে গম পোৱা নাছিল। দৰাচলতে, আমি যোৱা বছৰ ডিচেম্বৰত আইনীভাৱে বিবাহপাশত আৱদ্ধ হৈছিলো।আগন্তুক বৰ্ষত আমি ৰাজহুৱাকৈ বিয়াত বহিম।' তেওঁ লগতে কয়, 'আমি আমাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত স্পষ্ট পাৰ্থক্য বজাই ৰাখিব বিচাৰিছিলো। মই লক্ষ্য কৰিছো যে পেছাদাৰী জীৱনত ব্যক্তিগত জীৱনৰ অত্যাধিক সংস্পৰ্শই দুয়োটা ক্ষেত্ৰতে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এজন ব্যক্তিৰ কেৰিয়াৰৰ সফলতা আৰু বিফলতাৰ প্ৰভাৱ প্ৰায়ে ব্যক্তিগত জীৱনত পৰে। যাৰ ফলত অপ্ৰয়োজনীয় চাপ সৃষ্টি হয়। মই সদায় দুয়োৰে মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছো।'

উল্লেখ্য যে, আগন্তুক বৰ্ষত জাক-জমকতাৰে বিবাহত বহাৰ পৰিকল্পনা কৰা তাপসীয়ে চলিত বৰ্ষৰ ২৩ মাৰ্চত পৰম্পৰাগতভাৱে মাথিয়াছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এই কাৰ্যসূচীততেওঁলোকৰ ঘনিষ্ঠ অনুৰাগ কাশ্যপ, কণিকা ধিলন আৰু ফেভেল গুলাটিয়েও অংশ লৈছিল।

Also Read: ৰাজনীতিবিদৰ পুত্ৰৰ সৈতে সঘনাই কৰিছে ভ্ৰমণ