/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/How-to-keep-your-marriage-strong-and-passionate.jpg)
ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ পৰা বলিউদত যেন বিয়াৰ উজান উঠিছে। ইখনৰ পাছত সিখন বিয়া। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক অৱসান ঘটাই কেইবাটাও প্ৰেমিক যুগলে আৰম্ভ কৰিছে সাংসাৰিক জীৱন।
/https://media.assettype.com/asomiyapratidin/import/sites/default/files/2018/10/23/729894-deepveer-nickyanka.jpg)
যোৱা বৰ্ষত দীপিকা-ৰণবীৰ, প্ৰিয়ংকা-নিকৰ লগতে বলিউদৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে পাতনি মেলিলে যুগ্ম জীৱনৰ। এতিয়াও বহুকেইখন বিয়া সম্পন্ন হোৱাৰ পথত। ইয়াৰ ভিতৰতে চৰ্চাত আছে অৰ্জুন-মলাইকাৰ বিয়াখন। এপ্ৰিল মাহতে তেওলোকৰ বিয়াখন হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ অৰ্জুন কাপুৰে এই বিয়াৰ বাবে আৰু কিছুদিনৰ আৱশ্যক হ'ব বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2019/04/27/750x506/sushmita-sen_1556346544.jpeg)
ৰণবীৰ-মলাইকাৰ বাদেও গোপনে বিয়াৰ দিশে আগবাঢ়িছে আন এগৰাকী অভিনেত্ৰী। নাম সুস্মিতা সেন। কিছুদিনৰ পূৰ্বে সুস্মিতাই বয়ফেণ্ড ৰহমান ছাউলৰ সৈতে থকা সম্পৰ্ক ৰাজহুৱা কৰিছিল। খবৰ অনুসৰি বহুদিনৰ ধৰি একেলেগেই আছে সু্স্মিতা আৰু ৰহমান। খবৰ আহিছে যে, অচিৰেই হ'ব সুস্মিতা-ৰহমানৰ বিয়া। খবৰ অনুসৰি, ইতিমধ্যে সম্পন্ন হৈছে সুস্মিতা-ৰহমানৰ আঙুঠি পিন্ধোৱা পৰ্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2019/04/27/750x506/sushmita-sen_1556346286.jpeg)
ছচিয়েল মিডিয়াতো এই বিষয়ক লৈ এতিয়া ব্যাপক চৰ্চা। ছচিয়েল মিডিয়া যোগে বহু অনুৰাগীয়ে সুস্মিতাক অনুৰোধ কৰিছে যে, বিয়াক লৈ হোৱা চৰ্চাক লৈ মুখ খোলক সুস্মিতাই। উল্লেখ্য যে, সুস্মিতা হৈছে ২ সন্তানৰ মাতৃ। আনহাতে ৰহমান হৈছে সুস্মিতাকৈ ১৬ বছৰ সৰু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2019/03/08/750x506/sushmita-sen_1552017722.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us