সুশান্ত সিং ৰাজপুটৰ পূৰ্বৰ মেনেজাৰৰ মৃত্যুত চিবিআই তদন্তৰ আবেদনৰ শুনানিৰ বাবে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

সুশান্ত সিং ৰাজপুটৰ পূৰ্বৰ মেনেজাৰৰ মৃত্যুত চিবিআই তদন্তৰ আবেদনৰ শুনানিৰ বাবে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
সুশান্ত সিং ৰাজপুটৰ পূৰ্বৰ মেনেজাৰৰ মৃত্যুত চিবিআই তদন্তৰ আবেদনৰ শুনানিৰ বাবে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ সোমবাৰে সুশান্ত সিং ৰাজপুটৰ পূৰ্বৰ মেনেজাৰ দিশা চালিয়ানৰ মৃত্যুত চিবিআই তদন্তৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম আদালতে। উচ্চতম ন্যায়ালয়ে আৱেদনকাৰীক উচ্চ ন্যায়ালয়লৈ যাবলৈ কৰা আহ্বানৰ ভিত্তিত আবেদনখন উঠাই লৈছে আবেদনকাৰীয়ে।

Advertisment

আবেদনখনত দাবী কৰা হৈছিল যে সুশান্ত সিং ৰাজপুট আৰু দিশা সালিয়ানৰ মৃত্যুৰ ঘটনাৰ মাজত আন্তঃসংযোগ আছে কিয়নো দুয়োজনৰ মৃত্যু সন্দেহজনক পৰিস্থিতিত হৈছিল।উল্লেখযোগ্য যে, অন্তিম শুনানিত ঘটনাৰ বিচাৰপীঠেখনক প্ৰশ্ন কৰা হৈছিল যে এই শুনানিত তেতিয়া আৰু পূৰ্বেও কোনো পদকীয়াপক্ষ কিয় উপস্থিত নাছিল।

গোচৰীয়া পক্ষই তেওঁলোকে কি কৰা উচিত বুলিও প্ৰশ্ন কৰিছিল। আগৰ তাৰিখতে তেওঁলোকক বোম্বে উচ্চ আদালতলৈ যোৱাৰ কথা বিবেচনা কৰিব লাগে বুলি কৈ বিচাৰপীঠখনে  গোচৰটোৰ পিআইএল এসপ্তাহৰ বাবে স্থগিত কৰিছিল।