সুশান্ত সিং ৰাজপুতে হতাশাত ভোগা নাছিল…

সুশান্ত সিং ৰাজপুতে হতাশাত ভোগা নাছিল…

author-image
asomiyapratidin
New Update
সুশান্ত সিং ৰাজপুতে  হতাশাত ভোগা নাছিল…

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাকলৈ নিতৌ সৃষ্টি হৈছে নতুন নতুন ৰহস্যৰ। শেহতীয়াকৈ সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে দাখিল কৰিছে এখন তিনি পৃষ্ঠাযোৰা এজাহাৰ। ইতিমধ্যে আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰিয়াও সুশান্তৰ পিতৃৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ ব্যৱহাৰ কৰিছে নামী-দামী উকীল।

এই সকলোবোৰ উত্তেজনা মাৰ নাযাওঁতেই সুশান্তৰ একালৰ প্ৰেয়সী অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ।

অংকিতাৰ মন্তব্য- "সুশান্তই হতাশাত ভোগা নাছিল। তেওঁ এনেকুৱা মানুহ নহয় যেন তেওঁ আত্মহত্যা কৰিব। মই জীৱনত সুশান্তৰ দৰে ব্যক্তি লগ পোৱা নাই। তেওঁ তেওঁৰ নিজৰ সপোন নিজেই ৰচিছিল। তেওঁৰ পাঁচবছৰীয়া পৰিকল্পনা আছিল, আৰু তেওঁ সেয়া পূৰণ কৰিব বিচিৰাছিল…।" অংকিতাৰ এই মন্তব্যৰ পাছতেই এতিয়া পুনৰ তীব্ৰ চৰ্চালৈ আহিছে বলীউদৰ প্ৰখ্যাত অভিনেতা জনৰ মৃত্যুৰ প্ৰসংগ।