কিদৰে মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ৰহস্যৰ আৱৰ্তত চিবিআইৰ তদন্ত!…

কিদৰে মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ৰহস্যৰ আৱৰ্তত চিবিআইৰ তদন্ত!…

author-image
asomiyapratidin
New Update
কিদৰে মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? ৰহস্যৰ আৱৰ্তত চিবিআইৰ তদন্ত!…

ডিজিটেল ডেস্কঃ এতিয়াও ফাদিল হোৱা নাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ত পুণৰ আবেদন দাখিল কৰা হৈছে। আবেদনখনত চিবিআইৰ ৰিপোৰ্ট শীঘ্ৰে উচ্চতম ন্যায়ালয়ত জমা দিয়াৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হৈছে।

Advertisment

উল্লেখ্য যে, পুনিত কৌৰ ঢান্দাই দাখিল কৰা এই আবেদনখনত কোৱা হৈছে যে চাৰিমাহৰ পিছতো চিবিআই অনুসন্ধানৰ কোনো তথ্য পোহৰলৈ অহা নাই সেয়ে আবেদনখনত উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈ অনুৰোধ কৰা হৈছে যে আগন্তুক ২ মাহৰ ভিতৰত চিবিআইয়ে অনুসন্ধানৰ ৰিপোৰ্ট জমা দিয়ে। ইয়াৰ লগতে ট্ৰাইল কোৰ্টত ফাইনেল ৰিপোৰ্ট দাখিল কৰি তাৰে এটা কপি উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ বাবে নিৰ্দেশ দিবলৈয়ো আবেদনখনত অনুৰোধ কৰা হৈছে।