সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ…

সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ…

author-image
asomiyapratidin
New Update
সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ…

ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছত সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ এনে কিছুমান কথা পোহৰলৈ আহিছে যে সকলোৱে এবাৰ হলেও ভাৱিছে, সচাকৈয়ে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিলনে? শেহতীয়াকৈ পোহৰলৈ অহা এনে এটি কথাই পুনৰ অনুৰাগীসকলক ভৱাই তুলিছে এই কথা। দুখনকৈ ৰাজ্যৰ আৰক্ষীয়ে নিজাববীয়াকৈ চলাই থকা তদন্তত পোহৰলৈ আহিছে যে, আত্মহত্যাৰ এদিনৰ পূৰ্বে সুশান্তে এখন ছবিৰ সংক্ৰান্তত ফোনত কথা পাতিছিল এগৰাকী পৰিচালকৰ সৈতে।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, সুশান্তৰ মেনেজাৰ উদয় সিং গৌৰীয়ে দুগৰাকী পৰিচালকৰ সৈতেও কথা পতাই দিছিলে। আৰক্ষীৰ জেৰাত মেনেজাৰগৰাকীয়ে উল্লেখ কৰা মতে, পৰিচালক নিখিল আদৱানী আৰু প্ৰযোজক ৰমেশ তৌৰিনীৰ সৈতে কথা হৈছিল সুশান্তৰ। দুখন ছবিক লৈ এই কথা হৈছিল বুলি সদৰি কৰিছে মেনেজাৰ গৰাকীয়ে। উল্লেখ্য যে, সুশান্তে ছবিত কাম নোপোৱাৰ বাবেই হতাশাত ভুগি আত্মহত্যা কৰিছিল বুলি চৰ্চা হৈছিল যদিও এনেবোৰ কথাই সেই সকলোবোৰ কথাৰ ওপৰত যতি পেলাইছে।