ৰজাৰ পুত্ৰ ৰজা নহ’বও পাৰে, যাৰ দক্ষতা আছে তেওহে ৰজা হ’ব: চুপাৰ ৩০…VIDEO

ৰজাৰ পুত্ৰ ৰজা নহ’বও পাৰে, যাৰ দক্ষতা আছে তেওহে ৰজা হ’ব: চুপাৰ ৩০…VIDEO

author-image
asomiyapratidin
New Update
ৰজাৰ পুত্ৰ ৰজা নহ’বও পাৰে, যাৰ দক্ষতা আছে তেওহে ৰজা হ’ব: চুপাৰ ৩০…VIDEO

ডিজিটেল ডেস্কঃ'ৰজাৰ পুত্ৰ ৰজা নহ'বও পাৰে, ৰজা সেইজনহে হ'ব যাৰ দক্ষতা-যোগ্যতা আছে' এয়া আহিব লগীয়া হিন্দী ছবি চুপাৰ ৩০ ৰ এটা সংলাপ। যোৱা মঙলবাৰে মুক্তি পালে চুপাৰ ৩০ ট্ৰেইলাৰ। বিকাশ বহলৰ পৰিচালনাৰে ঋতিক ৰোচনৰ দমদাৰ অভিনয়ে ছবিখনক যে এক অনন্য মাত্ৰা দিব সেয়া ট্ৰেইলাৰ চালেই ধাৰণা কৰিব পাৰি। বিহাৰৰ গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনৰ ঘাট-প্ৰতিঘাটক লৈ নিৰ্মাণ কৰা ছবিখনত ঋতিকে অতি নিপুণভাৱে ৰূপায়ন কৰিছে কুমাৰৰ চৰিত্ৰ।

মঙলবাৰে ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰে আনন্দ কুমাৰ আৰু পৰিয়ালে। ২.৩৭ মিনিটৰ ট্ৰেইলাৰটোত আনন্দ কুমাৰৰ সৃষ্টিশীল মন, আৰু জীৱনটোক অতি সুন্দৰ ৰূপত ফুটাই তুলিছে পৰিচালকে। ট্ৰেইলাৰ উপভোগ কৰি আনন্দ কুমাৰৰ পৰিয়ালৰ সকলোৰে দুচকু সেমেকি উঠিল।

চলিত বৰ্ষৰ ২৬ জুলাইত মুক্তি পাব চুপাৰ ৩০। কেইবাজনো সংগীত পৰিচালকে ছবিখনৰ সংগীত সজাইছে। পৰিচালকৰ দায়িত্বত বিকাশ বহলৰ লগতে আছে অনুৰাগ কাশ্যপ। ছবিখনত পংকজ ত্ৰিপাথীৰ দৰে অভিজ্ঞ অভিনেতাইয়ো কৰিছে অভিনয়