/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/1-92.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ছবিঘৰত মুক্তি পোৱা ঋতিক ৰোচন অভিনীত ছবি 'ছুপাৰ-৩০'য়ে প্ৰথম দিনাই দৰ্শকৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিছে। মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছে ১২ কোটি টকা। আনন্দ কুমাৰৰ জীৱনভিত্তিক এক ভিন্নধৰ্মী ছবিখন এনেদৰে চলিলে প্ৰথম সপ্তাহতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এই ছবিখনৰ বাজেট প্ৰায় ৭০ কোটি। ঋতিকৰ বাহিৰেও ছবিখনত পংকজ ত্ৰিপাঠী,আদিত্য শ্ৰীবাস্তৱ, আৰু মৃণাল ঠাকুৰে অভিনয় কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us