নাম ছানী হিন্দুস্তানী। পঞ্জাৱৰ ঝলন্ধৰত ঘৰ। ইণ্ডিয়ান আইডলৰ ১১ সংস্কৰণত সকলোৰে মন জয় কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিলে এই বিৰল প্ৰতিভাধাৰী ল'ৰাটোৱে। ইণ্ডিয়ান আইডলত বিজয়ী হোৱাৰ সূত্ৰে ২৫ লাখ টকা প্ৰাইজমানী আৰু টি-ছিৰিজৰ এলবামত আৰু এখন ছবিত গান গোৱাৰ সুযোগ লাভ কৰিলে।
এই আত্মবিশ্বাসী ল'ৰাটোৰ কাহিনী শুনিলে বিশ্বাস নহ'ব যে সেই জোতা পলিচ কৰাৰ পৰা ইণ্ডিয়ান আইডলৰ মঞ্চলৈকে কিমান সংগ্ৰাম কৰিছিল ছানী হিন্দুস্তানীয়ে। সৰু হৈ থাকোতেই ছানীৰ পিতৃৰ মৃত্যু হৈছিল। তাৰপাছত মাকে অতি কষ্টৰ মাজেৰে তাক তুলি তালি ডাঙৰ কৰিছিল। দৰিদ্ৰতাৰ বাবেই বিদ্যালয়লৈ যোৱা নাছিল ছানী। এৰি দিছিল শিক্ষা আধাতেই। যেতিয়া ঘৰ নচলা হৈছিল জোতা পলিচ কৰাৰ বাদে আন বিকল্প নাছিল ছানীৰ সন্মুখত।
ছানীৰ দেউতাকেও গাইছিল গান। ছানীৰ প্ৰিয় গায়ক নুছৰত ফাতেহ আলী খান। ইণ্ডিয়ান আইডলত নুছৰত ফাতেহ আলী খানৰে এটা গান গাইছিল। তেওঁৰ বিখ্যাত আফৰিন আফৰিন' শীৰ্ষক গীতটি গাইছিল অডিশ্যনত। যি গীতে সলনি কৰি দিলে ছানীৰ জীৱন।
ছানীক জনপ্ৰিয় কৰাত অৰিহণা আছে এটা টুইটৰ। আনন্দ মহিন্দ্ৰাই টুইট কৰিছিল ছানীৰ গীত। এইগৰাকী ব্যৱসায়ীৰ বিশেষ ভূমিকা আছে ছানীক জনপ্ৰিয় কৰাত। ছানীৰ গীতৰ গুণমুগ্ধ শ্ৰোতাৰ ভিতৰত আছে আনন্দ মহিন্দ্ৰও।