লণ্ডণলৈ গৈ পাছপ’ৰ্ট হেৰুৱালে ভাৰতীয় দম্পত্তিয়ে, তাৰ পাছত…

লণ্ডণলৈ গৈ পাছপ’ৰ্ট হেৰুৱালে ভাৰতীয় দম্পত্তিয়ে, তাৰ পাছত…

author-image
asomiyapratidin
New Update
লণ্ডণলৈ গৈ পাছপ’ৰ্ট হেৰুৱালে ভাৰতীয় দম্পত্তিয়ে, তাৰ পাছত…

ডিজিটেল ডেস্কঃ বিদেশলৈ ঘনাই ফুৰিবলৈ যোৱা বুলি বহু সময়ত চৰ্চা লাভ কৰা দেশৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ জীয়ৰী আৰু জোৱায়েকে লণ্ডন ভ্ৰমনলৈ গৈ হেৰুৱালে পাছপ'ৰ্ট। অভিনেতাগৰাকীৰ কন্যা সৌন্দৰ্য আৰু জোৱাই বিশাগানে চেন্মাই বিমান বন্দৰৰ পৰা যাত্ৰা কৰাৰ সময়তে হেৰাই তেওঁলোকৰ আমেৰিকান ডলাৰৰ লগতে পাছপ'ৰ্ট থকা ব্ৰিফকেচটো। তাৰ পিছতে দুয়ো অসহায় হৈ পৰে।

অৱশ্যে কোন সময়ত তেওঁলোকৰ ব্ৰিফকেচটো চুৰি হ'ল এতিয়াও সেই কথা জানিব পৰা হোৱা নাই। তাৰ পাছতে তেওঁলোকক বিমান বন্দৰৰ এটা কোঠাত ৰাখি থোৱা হয়। পৰৱৰ্তী সময়ত লণ্ডনত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিহে তেওঁলোকে এখন পাছপ'ৰ্ট লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।