ষ্টুডেন্ট অৱ দ্য ইয়াৰ-২ঃ ট্ৰেইলাৰত টাইগাৰৰ একচন, ডান্স আৰু ৰোমাঞ্চ… VIDEO

ষ্টুডেন্ট অৱ দ্য ইয়াৰ-২ঃ ট্ৰেইলাৰত টাইগাৰৰ একচন, ডান্স আৰু ৰোমাঞ্চ… VIDEO

author-image
asomiyapratidin
New Update
ষ্টুডেন্ট অৱ দ্য ইয়াৰ-২ঃ ট্ৰেইলাৰত টাইগাৰৰ একচন, ডান্স আৰু ৰোমাঞ্চ… VIDEO

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুক্তি পালে বলিউদৰ অভিনেতা টাইগাৰ শ্ৰ'ফৰ নতুন ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰ-২ৰ ট্ৰেইলাৰ। ছবিখনত টাইগাৰৰ লগতে অনন্যা পাণ্ডে আৰু তাৰা সুতাৰিয়াই অভিনয় কৰিছে। ট্ৰেইলাৰটো মুক্তি পোৱাৰ লগে লগেই ভাইৰেল হৈ পৰিছে। টাইগ্ৰ শ্ৰ'ফৰ ছবিখনক বৰ্তমানলৈ অৰ্থাৎ ২৪ ঘণ্টা নৌহওঁতেই প্ৰায় ৩লাখ লোকে চাইছে। ধৰ্মা প্ৰডাকশ্যনে নিজৰ ইউটিউব চেনেলত মুক্তি দিছে এই ট্ৰাইলাৰটো।

ইফালে, ট্ৰেইলাৰটোত দেখা গৈছে যে- কলেজৰ খেল প্ৰতিযোগিতাত টাইগাৰে অংশ লয়। তদুপৰি একচন, ডান্স আৰু ৰোমাঞ্চেৰে যে ছবিখন ভৰপূৰ হ'ব সেই কথা টেইলাৰতেই বুজিব পৰা গৈছে। আৰু ইয়াত বিশেষকৈ টাইগাৰৰ ডান্স আৰু একচন খুবেই পচন্দ কৰিছে দৰ্শকে।

উল্লেখ্য যে, ষ্টুডেন্ট অৱ দ্য ইয়েৰ-২ৰ পূৰ্বে পৰিচালক কৰণ জোহৰে ষ্টুডেন্ট অৱ দ্য ইয়েৰ নিৰ্মাণ কৰিছিল। এই ছবিখনত আলিয়া ভট, বৰুণ ধৱন, সিদ্ধাৰ্থ মলহোট্ৰা আদিয়ে কাম কৰিছিল। অৱশ্যে টাইগাৰে অভিনয় কৰা এই নতুন ছবিখন ১০ মে'ত ছবিগৃহলৈ আহিব। যাৰ বাবে এতিয়া দৰ্শকসকলে অপেক্ষা কৰিছে।