চনু নিগমৰ বিস্ফোৰণ, “সংগীত জগতকো ‘দুজন মাফিয়া’ই নিয়ন্ত্ৰণ কৰি আছে, বলিউদৰ সংগীত জগতৰ পৰাও দুখবৰ আহিব পাৰে”

চনু নিগমৰ বিস্ফোৰণ, “সংগীত জগতকো ‘দুজন মাফিয়া’ই নিয়ন্ত্ৰণ কৰি আছে, বলিউদৰ সংগীত জগতৰ পৰাও দুখবৰ আহিব পাৰে”

author-image
asomiyapratidin
New Update
চনু নিগমৰ বিস্ফোৰণ, “সংগীত জগতকো ‘দুজন মাফিয়া’ই নিয়ন্ত্ৰণ কৰি আছে, বলিউদৰ সংগীত জগতৰ পৰাও দুখবৰ আহিব পাৰে”

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলিউডৰ বহু পূৰ্বে অন্ধকাৰত থকা প্ৰসংগ ক্ৰমাৎ বাহিৰলৈ আহিছে। সুশান্ত সিঙৰ আত্মহত্যাৰ পাছতে সংগীত জগততো এনে ঘটনা সংঘটিত হ'ব পাৰে বুলি মন্তব্য কৰিছে জনপ্ৰিয় সংগীত শিল্পী চনু নিগমে। তেওঁ কৈছে, "সুশান্তৰ মৃত্যু অতি বেদনাদায়ক কিন্তু বলিউদ সংগীত জগতৰ পৰাও এনেধৰণৰ দুখজনক খবৰ আহিব পাৰে।'' তেওঁ নিজা ছ'চিয়েল মেডিয়াত লগতে সংগীত জগতত মাফিয়া জড়িত থাকে বুলিও কৈছে। তেওঁ নাম নোলোৱাকৈ দুজন মাফিয়াৰ কথাও স্পষ্টকৈ কয়।

Advertisment

তেওঁ লগতে কয়, সেই মাফিয়া দুজনৰ হাততে সংগীতৰ উদ্যোগটোৰ ক্ষমতা থাকে। জনপ্ৰিয় সংগীত শিল্পীগৰাকীৰ এই কথাৰ প্ৰসংগত তেওঁৰে বহু অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে, এই মাফিয়াসকল টি-ছিৰিজ, জি মিউজিক কোম্পানী আৰু ৱাইএছআৰ মিউজিকে হ'ব। চনু নিগমে লগতে উল্লেখ কৰিছে যে, সকলো লোকে ব্যৱসায়ৰ ক্ষেত্ৰত শাসন চলাব বিচাৰে। তেওঁ লগতে মাফিয়া বুলি উল্লেখ কৰা সকলক নতুন প্ৰতিভাৰ ক্ষেত্ৰত ভালদৰে মন কৰিবলৈকো কৈছে।

শিল্পীগৰাকীয়ে কয়- এইয়য়া নকৰিব। এইয়া শুদ্ধ নহয়। আপোনালোকক প্ৰশ্ন কৰিব। তেওঁ লগতে কয়- নতুনকৈ অহা লকসকলক বাবে অসুবিধা হয়। মই তেওঁলোকৰ সৈতে কথা পাতো। তেওঁলোক বিপদত পৰে, প্ৰযোজকে কাম কৰিব বিচাৰে। পৰিচালক, সংগীত ব্যৱস্থাপকগৰাকীয়েও কাম কৰিব বিচাৰে। কিন্তু সংগীত কোম্পানীটোৱে সকলোবোৰ সিদ্ধান্ত লয়। সেয়া আমাৰ শিল্প হ'ব নোৱাৰে। ইফালে শিল্পীগৰাকীৰ এই বিস্ফোৰণৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।