সঁচাকৈয়ে আনতকৈ পৃথক অনিলৰ দুহিতা !

সোনম কাপুৰ, কেৱল প্ৰখ্যাত অভিনেতা অনিল কাপুৰৰ কন্যা হিচাপেই নহয়, অদমনীয় অভিনয় শৈলী, অপৰূপ সৌন্দৰ্য আৰু ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী হিচাপেও তেওঁৰ আছে আন এক পৰিচয়।বিশেষকৈ সোনমৰ ফেশ্বন সদায়েই সুকীয়া, যিয়ে অনুৰাগীক খুব বেছিকৈ তেওঁৰ প্ৰতি আকৰ্ষিত কৰি ৰাখে।

author-image
Asomiya Pratidin
New Update
সঁচাকৈয়ে আনতকৈ পৃথক অনিলৰ দুহিতা !

ডিজিটেল ডেস্ক: সোনম কাপুৰ, কেৱল প্ৰখ্যাত অভিনেতা অনিল কাপুৰৰ কন্যা হিচাপেই নহয়, অদমনীয় অভিনয় শৈলী, অপৰূপ সৌন্দৰ্য আৰু ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী হিচাপেও তেওঁৰ আছে আন এক পৰিচয়।বিশেষকৈ সোনমৰ ফেশ্বন সদায়েই সুকীয়া, যিয়ে অনুৰাগীক খুব বেছিকৈ তেওঁৰ প্ৰতি আকৰ্ষিত কৰি ৰাখে।

Advertisment

শেহতীয়াকৈও সোনমৰ এক বিশেষ ফটোশ্বুটৰ কেইখনমান ফটো ভাইৰেল হৈছে।য’ত অভিনেত্ৰীগৰাকীক খুবেই ধুনীয়া দেখা গৈছে। বগা ৰঙৰ শাৰী আৰু ব্লাউজ পিন্ধি সোনমে এই ফটোৰ বাবে প’জ দিছে। কিন্তু আচৰিত কথা এয়ে যে, অভিনেত্ৰীগৰাকীয়ে এই ফটোশ্বুটত পৰিধান কৰিলে তেওঁৰ পুৰণা গহনা। হয়, সোনমে বিয়াত পিন্ধা ‘হেডপিচ’ আৰু এডাল নেকলেছ পিন্ধি খুব সন্দৰকৈ এই ফটোশ্বুটৰ বাবে প’জ দিছে।

এই ফটো ভাইৰেল হোৱাৰ পাছতেই বহু অনুৰাগীয়ে এই বিষয়টোত স্পষ্টকৈ তেওঁলোকৰ মত প্ৰকাশ কৰিছে।একাংশৰ মতে, সোনম সঁচাকৈয়ে আন অভিনেত্ৰীকৈ সুকীয়া।আন একাংশৰ মতে, সোনমে সাধাৰণ লোকৰ দৰেই জীৱন-যাপন কৰে, যিয়ে তেওঁক সদায় আনতকৈ পৃথক কৰে। বহুতেই আকৌ সোনমৰ এই সৰলতাক একেমুখে শলাগ লৈছে।

Also Read: আলিয়া-ৰণবীৰৰ কন্যাৰ আচৰণত মুগ্ধ সকলো