‘দবং গাৰ্ল’ সোনাক্ষী সিনহাৰ বাবে লাগে কেনে দৰা?

‘দবং গাৰ্ল’ সোনাক্ষী সিনহাৰ বাবে লাগে কেনে দৰা?

author-image
asomiyapratidin
New Update
‘দবং গাৰ্ল’ সোনাক্ষী সিনহাৰ বাবে লাগে কেনে দৰা?

ডিজিটেল ডেস্কঃ বৰ্তমান বলিউডত চলি আছে বিয়াৰ বতাহ। ৰণবীৰ-দিপীকা, অনুষ্কা-বিৰাটৰ বিয়াৰ পাছত এইবাৰ দবং গাৰ্ল সোনাক্ষী সিনহাই জনালে কেনেকুৱা দৰা বিচাৰে তেওঁ নিজৰ জীৱনসংগী হিচাপে। অভিনেত্ৰীগৰাকীয়ে এটা টিভি ৰিয়েলিটি শ্ব'ৰ মঞ্চত জনায় তেওঁ কেনেকুৱা দৰা বিচাৰে।

জুম টিভিৰ 'বায় ইনভাইট অনলী' শ্ব'টোৰ মঞ্চত কথা-বতৰাৰ মাজতে কয়যে পৰিয়ালে লোকে অভিনেত্ৰীগৰাকীৰ বাবে কেনেকুৱা দৰা বিচাৰে। দৰাচলতে, সোনাক্ষীসিনাই সংবাদমাধ্যমৰ সৈতে সাক্ষাৎ কৰি থকা সময়তে কয় যে, মোৰ পিতৃ-মাতৃয়ে বিচাৰে মইএজন ভদ্ৰ লৰাৰ সৈতে বিয়া হোৱাটো। কিন্তু তেওঁ লগতে কয় যে, মই বিচৰাৰ দৰে উপযুক্তদৰা বলিউডত পোৱাটো অতি কঠিন।

তাৰোপৰি, অভিনেত্ৰী সোনাক্ষীয়ে কয়- 'মই এজন তাৰকাক ডেট কৰিছো,কিন্তু কোনেও এই বিষয়ে নাজানে।' লগতে তেওঁ কয় যে-'যদি মোৰ সংগীজনে মোক মিছা কথা কয়তেন্তে পাছদিনা খন সেইজন ব্যক্তি জীৱিত নাথাকিব!'

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে শিল্পী দাসগুপ্তাৰ পৰিচালনাতবনোৱা নতুন ছবি 'খানদানী ছফাখানা'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনতপ্ৰথমবাৰলৈ অভিনয় কৰিছে ৰেপ গায়ক বাদশ্বাহে।