/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/hhhhhhhhhhh.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ নাট্য মন্দিৰত দেওবাৰৰে পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ।অসমৰ বিভিন্ন প্ৰান্তৰ ৩০ টাৰো অধিক শিশু নাট্যদলে এই সমাৰোহত অংশগ্ৰহণ কৰিছে। সমাৰোহ তথা প্ৰতিযোগিতাক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত উখলমাখল পৰিবেশৰ সৃষ্টি হৈছে ৷ শিশুৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিছে দৰ্শকক ৷ নাটকৰ মাজে মাজে চলিছে নৃত্য গীতৰ অনুষ্ঠান ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/07226b8f-c7c8-4c55-a36f-131e4cb2bcfd-1024x910.jpg)
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু পথিকৃত,খোজ,যুগান্তৰ,বিহু সুৰক্ষা সমিতি, ৰংপুৰ বাৰ্তা আদিৰ সহযোগত শিৱসাগৰ নগৰৰ নাট্য মন্দিৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অষ্টম বাৰ্ষিক সদৌ অসম শিশুনাট সমাৰোহ। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ টা দলে অংশগ্ৰহণ কৰা এই সমাৰোহ দেওবাৰৰ অথাৎ প্ৰথম দিনৰ কায্যসূচী উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ লক্ষ্মণন এছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/5c14eed0-d9a1-4436-a02b-da7c2a62a559-1024x932.jpg)
দ্বিতীয় দিনৰ অথাৎ সোমবাৰে নাট প্ৰতিযোগিতা উদ্বোধন কৰে এনামউদ্দিন আহমেদে ৷ ইয়াৰ পূৰ্বে আহমেদে বন্তি প্ৰজ্বলন কৰে ৷উদ্বোধনী অনুষ্ঠানত উদ্যোক্তা জিতুজ্যোতি গায়ন , ডা°সুকল্যাণ দাস , প্ৰাৰ্থ প্ৰতীম বৰা , আকাশ দুৱৰী,ব্ৰজেন ফুকন,বকুল বিজয় চুতীয়া,আচাদ উল্লাহ , ডা°গোবিন সন্দিকৈ সহিতে অনেকলোক উপস্থিত থাকে ৷ আজি শিৱসাগৰ অডিঅ চিটিৰ প্ৰশিক্ষাৰ্থী সকলে অনুষ্ঠানৰ আৰম্ভণীতে সুন্দৰ গীত পৰিবেশন কৰে ৷ অনুষ্ঠানত এনামউদ্দিন আহমেদ আৰু অতনু বৰাক সম্বদ্ধনা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/0cc823e8-aa29-4254-a76f-d10c71f1acde-1024x646.jpg)
৩২ খনৰো অধিক নাটক প্ৰদৰ্শন হোৱা এই সমাৰোহত পাঁচশৰো অধিক কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছে। নগদ ধন পুৰস্কাৰ সম্বলিত এই শিশুনাট প্ৰতিযোগিতাত ষাঠি হেজাৰৰো অধিক নগদ ধন প্ৰদান কৰা হব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/5313ce20-da86-469d-ad64-3c6027143b38-768x1024.jpg)
তিনিটা শ্ৰেষ্ঠ নাট্যদলৰ লগতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল,প্ৰেৰণা বঁটা, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ পৰিচালক আদিকে কৰি বিভিন্ন শিতানত বহু বঁটা প্ৰদান কৰা হব।আজি সন্ধিয়া পুৰস্কাৰ প্ৰদানৰ লগতে বিশিষ্ট নাট্য শিল্পীক সম্বৰ্ধনা প্ৰদানৰ উপৰিও শিক্ষাবিদ হাচনাআৰা বেগমক 'সৌৰভপ্ৰাণ শিৱসাগৰ' বঁটাৰে বিভূষিত কৰা হব।