বলিউডৰ বিশিষ্ট সংগীতকাৰ খায়াম আৰু নাই…

বলিউডৰ বিশিষ্ট সংগীতকাৰ খায়াম আৰু নাই…
  • ভাৰতীয় সংগীত জগতৰ বিশিষ্ট সংগীতকাৰ খয়ামৰ মৃত্যু।
  • ৯২ বছৰ বয়সত মৃত্যু হয় এই সংগীতকাৰগৰাকীৰ।
  • দীৰ্ঘসময় ধৰি তেওঁ অসুস্থ হৈ আছিল।
  • মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল খায়াম।
  • সোমবাৰে তেওঁৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰে।
  • খায়ামৰ মৃত্যুত বলিউডত শোকৰ লহৰ।
  • কভি কভি, উমৰাওজান আদি বলিউডৰ বিখ্যাত ছবিৰ বাবে তেওঁ ফিল্ম ফেয়াৰ সন্মানেৰে সন্মানিত হৈছিল।
  • ১৯৪৭চনতেই তেওঁ আৰম্ভ কৰিছিল সংগীত জগতৰ কেৰিয়াৰ।
  • প্ৰথম তেওঁ 'হীৰ ৰাঞ্জা' ছবিৰ বাবে সংগীত দিছিল।
  • তেওঁৰ পত্নী জগজীত কৌৰো আছিল এগৰাকী প্ৰতিষ্ঠিত গায়িকা।
  • ছগুন, উমৰাও জান আদি ছবিৰ তেওঁ আছিল সংগীতকাৰ।
  • সংগীতকাৰ ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল 'শ্বোলা অ'ৰ ছবনম' ছবিখনৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in