সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে…

সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে…

author-image
asomiyapratidin
New Update
সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে…

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা সিদ্ধাৰ্থ মলহোট্ৰাৰ নতুন ছবি 'মৰজাৱা'ই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফিল্ম সমীক্ষক তৰণ আদৰ্শৰ মতে, ছবিগৃহত মুক্তি লাভ কৰাৰ পঞ্চম দিনা এই ছবিখনে ৩.৬১ কোটি টকা উপাৰ্জন কৰে। আৰু এই ৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন ৩২.১৮ কোটি টকা।

উল্লেখ্য যে, সিদ্ধাৰ্থৰ ইয়াৰেপূৰ্বৰ ছবি ক্ৰমে 'জবৰিয়া যোৰী' আৰু 'আয়াৰী' দুখন ছবিৰ মুঠ উপাৰ্জনতকৈও অধিক'মৰজাৱা'ৰ ৫দিনৰ উপাৰ্জন। জবৰিয়া যোৰীয়ে বক্স অফিচত প্ৰায় ১৫.৯৯ কোটি টকা আৰু আয়াৰীয়ে১৭.৫২ কোটি টকা মুঠ উপাৰ্জ কৰিছিল।

১৫ নবেম্বৰত মুক্তি লাভ কৰা মৰজাৱাছবিখনে শুকুৰবাৰে ৭.০৩ কোটি, শনিবাৰে ৭.২১ কোটি, দেওবাৰে ১০.১৮ কোটি আৰু সোমবাৰে৪.১৫ কোটি টকা উপাৰ্জন কৰে। আৰু আশা কৰা হৈছে যে এই সপ্তাহৰ শেষৰ ভাগলৈ ছবিখনে ৩৫ৰপৰা ৪০ কোটি টকা উপাৰ্জন কৰিব।